মৰিগাঁৱত স্বাস্থ্য বিভাগৰ ফোঁপোলা স্বৰূপ ফাদিল : একে দিনাই ১৪খন ভুৱা ফাৰ্মাচী ছীল

স্বাস্থ্য বিভাগৰ ঊৰ্দ্ধতন মহলৰ একাংশ আমোলাক মেনেজ কৰি নিশাৰ ভিতৰতে জন্ম হয় এনেবোৰ ভুৱা ফাৰ্মাচী !
মৰিগাঁৱত স্বাস্থ্য বিভাগৰ ফোঁপোলা স্বৰূপ ফাদিল : একে দিনাই ১৪খন ভুৱা ফাৰ্মাচী ছীল

ডিজিটেল সংবাদ,মায়ং : মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ কাৰ্যকালত চৰকাৰী বিভাগসমূহত ঘটি থকা বিভিন্ন অপৰাধজনিত ঘটনা আৰু দুৰ্নীতি নিৰ্মূল কৰিবলৈ চৰকাৰীভাৱে প্ৰচেষ্টা হাতত লৈ আহিছে। কিন্তু এনে সময়চোৱাতো দিনক-দিনে অপৰাধ আৰু অপৰাধীৰ সংখ্যা বিভিন্ন বিভাগত বৃদ্ধি পোৱাহে পৰিলক্ষিত হৈ আহিছে।

বুধবাৰে মৰিগাঁও জিলাৰ আৰক্ষীৰ এটা অভিযানকাৰী দলে চলোৱা অভিযানত অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ ফোঁপোলা স্বৰূপ একপ্ৰকাৰ ফাদিল কৰি দিছে। স্বাস্থ্য বিভাগৰ দুৰ্নীতিপৰায়ণ একাংশ বিষয়া আৰু ঔষধ পৰিদৰ্শকৰ চূড়ান্ত গাফিলতি, অমনোযোগিতা আদিৰ বাবেই সমগ্ৰ জিলাখনত কাঠফুলাৰ দৰে গঢ় লৈ উঠা ভুৱা ফাৰ্মাচীৰ বিৰুদ্ধে সৰৱ হৈ পৰে জিলাখনৰ আৰক্ষী প্ৰশাসন। আজি জিলাখনৰ বানে গৰকা মায়ঙৰ গাগলমাৰীৰ হছনা বজাৰত মৰিগাঁও আৰক্ষীৰ বৃহৎ অভিযানত ছীল কৰা হয় ১৪ খনকৈ ভুৱা ফাৰ্মাচী।

পোহৰলৈ অহা তথ্যমতে, কোনো বৈধ অনুজ্ঞাপত্ৰ নোহোৱাকৈ দীৰ্ঘদিন ধৰি অবৈধভাৱে গেলামালৰ দোকানৰ দৰে জীৱন দায়িনী ঔষধসমূহ সৰ্বসাধাৰণ ৰাইজক বিক্ৰী কৰি ধন ঘটি আহিছিল। সেই তথ্য লাভ কৰাৰ পিছতেই মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই পৰিকল্পিতভাৱে বজাৰখনত নিখুঁত অভিযান চলায়।

দুয়োজন বিষয়াৰ নেতৃত্বত আৰক্ষীৰ দলে চলোৱা অভিযান কালত ১০ লক্ষাধিক জনসংখ্যা থকা জিলাখনৰ একমাত্ৰ ঔষধ পৰিদৰ্শক চন্দ্ৰজিত দহোটিয়াই প্ৰতিখন দোকানৰ নথি-পত্ৰসমূহ জব্দ কৰাৰ লগতে দোকানসমূহ ছীল কৰি তলা লগাই দিয়ে।বিয়লি ৩-০০ বজাৰ পৰা চলি থকা আৰক্ষীৰ অভিযান সন্ধিয়া ৭ বজালৈ অব্যাহত থাকে।

১২ খন খুচুৰা ঔষধৰ দোকান ছীল কৰাৰ উপৰি দুখন পাইকাৰী দোকানতো অভিযান চলাই নথি পত্ৰ সমূহ নিৰীক্ষণ কৰে। আৰক্ষীৰ অভিযানক অঞ্চলৰ ৰাইজে শলাগ লৈছে।

উল্লেখ্য যে, গাগলমাৰীৰ হচনা বজাৰত আৰক্ষীৰ মাৰাথান অভিযান চলি থকাৰ খবৰ পাই মায়ং থানাৰ অন্তৰ্গত বৰবৰী,বালিমুখ,পাভকাতি, বুৰগাও, সিধাগুৰি বজাৰত চলি থকা একাংশ দোকান বন্ধ কৰি দোকানীবোৰ পলায়ন কৰে। আজি মায়ঙৰ হচনা বজাৰত ছীল কৰা দোকান কেইখনৰগৰাকী হ'ল- আবু তাহেৰ,গুলজাৰ হুছেইন, ইছলাম উদ্দিন, জেহেৰুল ইছলাম, ছাদ্দাম হুছেইন, মিজানুৰ ৰহমান, চৰিফুদ্দিন, হাফিজুল ইছলাম, ছাহজাহান আলী,আজহাৰ উদ্দিন, গুলজাৰ হুছেইন আৰু মফিদুল ইছলাম।

বজাৰখনৰ মাত্ৰ দুখন ঔষধৰ দোকানৰহে সঠিক নথি-পত্ৰ আৰক্ষী আৰু ঔষধ পৰিদৰ্শক জনে লাভ কৰিবলৈ সক্ষম হৈছে। গুৰুত্বপূৰ্ণ কথাটো হ'ল- দীৰ্ঘদিন ধৰি জিলাখনৰ বিভিন্ন প্ৰান্তত এনেধৰণৰ ভুৱা ঔষধৰ দোকানসমূহ কাৰ আশীৰ্বাদত চলি থাকিল সেয়া এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন।

ৰাজ্যৰ স্বাস্থ্য বিভাগৰ ঊৰ্দ্ধতন মহলৰ একাংশ আমোলাক মেনেজ কৰি নিশাৰ ভিতৰতে জন্ম হয় এনেবোৰ ভুৱা ফাৰ্মাচী ! নিম্ন মানদণ্ডৰ ভেজাল ঔষধ প্ৰস্তুতকাৰী কোম্পানীবোৰে অধিক হাৰত কমিছন দি ডুপ্লিকেট ঔষধ মাৰাত্মক ৰোগত ভুগি থকা ৰোগীক উচ্চ দৰত বিক্ৰী কৰি ধন চপাই অহা বুলিও প্ৰায়ে অভিযোগ উত্থাপন হৈ আহিছে। জনসাধাৰণৰ মাজত প্ৰায়ে শুনা যায়- আজি কালি বহু ফাৰ্মাচীত "ভুছি" মাল পোৱা যায়।

ৰোগীৰ জীৱনক লৈ হেতালি খেলি থকা একাংশ ঔষধ প্ৰস্তুতকাৰী কোম্পানীৰ লগতে কাঠফুলাৰ দৰে গঢ় লৈ উঠা ফাৰ্মাচীসমূহ বন্ধ কৰাৰ দাবী উত্থাপন কৰিছে সচেতন মহলে।

মৰিগাঁৱত স্বাস্থ্য বিভাগৰ ফোঁপোলা স্বৰূপ ফাদিল : একে দিনাই ১৪খন ভুৱা ফাৰ্মাচী ছীল
মানৱদৰদী কমল কৃষ্ণ নাথ আৰু 'মানুহে মানুহৰ বাবে,দৰঙ'ৰ প্ৰশংসনীয় পদক্ষেপ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in