/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/a57add79-8476-4a3b-9392-50d8e510c7d3/18.jpg)
ডিজিটেল সংবাদ,মঙলদৈ : যি সময়ত চৰকাৰে পঞ্চায়তে পঞ্চায়তে 'বিকশিত ভাৰত সংকল্প যাত্ৰা' কৰি চৰকাৰৰ গুণ গৰিমাৰ ব্যাপক প্ৰচাৰ কৰি আছে, ঠিক তেনে সময়তে মঙলদৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰামহৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত এহাল বৃদ্ধাৰ কৰুণ কাহিনীয়ে চুই গৈছে একাংশক। কমিৰাম ডেকা আৰু তেওঁৰ পত্নী মলয়া ডেকাই দুটি নাতি - নাতিনীক লৈ এক জৰাজীৰ্ণ জুপুৰিৰ মাটিৰ মজিয়াত এই হাড় কঁপোৱা ঠাণ্ডা বতৰত নিশা যাপন কৰিবলগীয়া হোৱা ঘটনাই ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/968bffcf-c42d-4462-b983-5f0b14289002/617f4466_bf5f_4f28_8cd1_c0ba94266989.jpg)
ঠাণ্ডাৰ পৰা ৰক্ষা পাবলৈ তেওঁলোকে কিছু প্লাষ্টিক আঁৰি লৈছে যদিও ঠাণ্ডাৰ পৰা ৰক্ষা পোৱা নাই। তাৎপৰ্যপূৰ্ণ যে, প্ৰধানমন্ত্ৰী আৱাস গৃহ বিচাৰি তেওঁলোকে ৰামহৰি গাঁও পঞ্চায়তৰ কাৰ্যালয়ত বহুবাৰ তাঁতবাটি কাঢ়িও কোনো সুফল পোৱা নাই।
নিজৰ ভাগ্যক ধিয়াই তেওঁলোকে এইদৰে জীৱন-যাপন কৰাৰ খবৰ লাভ কৰি কিছু সহায় কৰাৰ মানসেৰে আগুৱাই আহিল মানৱতাবাদী সংগঠন 'মানুহে মানুহৰ বাবে দৰং, অসম' আৰু মানৱদৰদী ব্যক্তি কমল কৃষ্ণ নাথ। এই সংগঠনটোৰ নেতৃত্বত আৰু কমল কৃষ্ণ নাথে আগবঢ়োৱা টিনপাত, বেৰ আদিৰ জৰিয়তে জৰাজীৰ্ণ ঘৰটো বুধবাৰে ভাঙি নতুন পকা খুটা পুতি, টিনপাত আৰু বেৰ লগাই ককা আইতাক উপহাৰ দিলে এটি নতুন গৃহ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/a6ba2c57-473d-47d3-84a6-16b64179e384/9323430f_f79c_4806_85e9_5eeb4f7a26b1.jpg)
গৃহটো লাভ কৰি ককা আইতাই হৈ পৰে আবেগবিহ্বল। এই কাৰ্যত কমল কৃষ্ণ নাথৰ পিতৃ দেবেন নাথ, মানৱতাবাদী সংগঠনটোৰ উপসভাপতি এনী ভূঞা ডেকা, শেখৰ মজুমদাৰ, সাধাৰণ সম্পাদক গণেশ দত্ত, সম্পাদক জিতুমণি চহৰীয়া, সহকাৰী সম্পাদক জয়প্ৰকাশ শৰ্মা, সদস্যা যুতিকা নাথ, গাওঁপ্ৰধান উমেশ ডেকা, গাঁৱৰে ধনমণি কুমাৰ ডেকা, সাংবাদিক লোকেশ্বৰ বৰুৱা, কৌশিক ভৰদ্বাজ, পংকজ কুমাৰ শৰ্মা, দ্বীপেন বৰুৱা, মৃদুল হাজৰিকা, প্ৰবীণ বৰুৱা, পংকজ চৰকাৰ,নিকুঞ্জ শৰ্মা আদিয়ে হাতে কামে সহযোগ কৰে। মানৱদৰদী ব্যক্তি কমল কৃষ্ণ নাথ আৰু মানৱতাবাদী সংগঠন 'মানুহে মানুহৰ বাবে,দৰং, অসম'ৰ এনে পদক্ষেপক ৰাইজে উচ্চ প্ৰশংসা কৰিছে। এই ক্ষেত্ৰত চৰকাৰে এই পৰিয়ালটোক প্ৰধানমন্ত্ৰী আৱাসকে ধৰি অন্যান্য আঁচনিৰ সুবিধা প্ৰদান কৰাটো ৰাইজে বিচাৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us