মৰিগাঁও জিলা বিহু সুৰক্ষা সমিতি অসমৰ একাদশ বাৰ্ষিক অধিৱেশন সম্পন্ন

"বিহু সুৰক্ষা সমিতি, অসম"ৰ অন্তৰ্গত মৰিগাঁও জিলা সমিতিৰ "একাদশ বাৰ্ষিক সাধাৰণ সভা" খন মায়ং আঞ্চলিক মহাবিদ্যালয়ত দেওবাৰে অনুষ্ঠিত হয়।

author-image
Asomiya Pratidin
New Update
মৰিগাঁও জিলা বিহু সুৰক্ষা সমিতি অসমৰ একাদশ বাৰ্ষিক অধিৱেশন সম্পন্ন

ডিজিটেল সংবাদ,মায়ং: "বিহু সুৰক্ষা সমিতি, অসম"ৰ অন্তৰ্গত মৰিগাঁও জিলা সমিতিৰ "একাদশ বাৰ্ষিক সাধাৰণ সভা" খন মায়ং আঞ্চলিক মহাবিদ্যালয়ত দেওবাৰে  অনুষ্ঠিত হয়।পুৱা ৯ বজাত পতাকা উত্তোলন  কৰে জিলা সমিতিৰ সভাপতি  খগেন বৰাই।শ্বহীদ তৰ্পণ কৰে বৰদিয়া জি এন বি মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ৰেণু প্ৰভালস্কৰে।স্মৃতি চাৰণ অনুষ্ঠানৰ পিছতেই অনুষ্ঠিত কৰা হয় মুকলি সভা।

খগেন  বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে জিলা সমিতিৰ সম্পাদক ডাক্তৰ প্ৰশান্ত কুমাৰ খাউণ্ডে।সভাৰ আৰম্ভণিতে বিহু  হুচৰি প্ৰদৰ্শন  কৰে।আদৰণী ভাষন আগবঢ়াই অধিবেশন ৰ অভ্যৰ্থনা সমিতিৰ সভাপতি মনোজ নাথে।স্মৃতি গ্ৰন্থ পথিকৃৎ উন্মোচন কৰে মৰিগাঁও জিলা বিহু সুৰক্ষা সমিতিৰ মুখ্য উপদেষ্টা লোকেন্দ্ৰ হাজৰিকাই।

অধিবেশন ৰ লগত সংগতি ৰাখি ভাষন প্ৰদান কৰে জিলা সমিতিৰ সহকাৰী সম্পাদক নব কুমাৰ নাথ,মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড০ ফনিভূষন নাথে।সভাত ৩৩ গৰাকী সমল ব্যক্তিক মানপত্ৰ দিয়া হয়।আজিৰ সভাতেই মায়ং আঞ্চলিক সমিতি খনক অনুমোদন দিয়া হয়।জিলা সমিতিৰ উপদেষ্টা মণ্ডলী,বিষয় ববীয়া, সদস্য  আৰু  আঞ্চলিক সমিতি সমূহৰ সভাপতি , সম্পাদক প্ৰমুখ্যে দুজনকৈ প্ৰতিনিধি  উপস্থিত থাকে।

আৰু পঢ়ক: ১৪ টাকৈ সোণৰ পদক; প্ৰদীপ আৰ্ট এণ্ড ক্ৰাফে ৰাজ্যলৈ কঢ়িয়াই আনিলে সুনাম

assam morigaon