/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/62fac7a7-92ed-49db-9b3f-d9f04c7bc6ac/gos_puli.jpg)
ডিজিটেল সংবাদ, দাৰাগাঁওঃ আজি ৫ জুন, বিশ্ব পৰিৱেশ দিৱস । পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি আজি কেন্দ্ৰীয় নিখিল বড়ো ছাত্ৰ সন্থা আৰু বাগসা জিলা নিখিল বড়ো ছাত্ৰ সন্থাই বাক্সা জিলাৰ দাৰাগাঁওত পাঁচ হাজাৰৰ অধিক গছ পুলি ৰোপণ কৰে । কাৰ্যসূচী অনুসৰি পুৱা সমূহীয়া প্ৰাৰ্থনাৰ অন্তত এজোপা গছ পুলি ৰোপণ কৰি কাৰ্যসূচী উদ্বোধন কৰে নিখিল বড়ো ছাত্ৰ সন্থাৰ কাৰ্যবাহী সভাপতি তথা উপ সভাপতি খোৰোমদাও ৱাৰীয়ে ।
উল্লেখযোগ্য যে নিখিল বড়ো ছাত্ৰসন্থাই বহু বছৰৰ পৰাই ৫ জুনত অসমৰ বিভিন্ন ঠাইত স্থানীয় ৰাইজৰ সহযোগত গছ পুলি ৰোপণ কৰি আহিছে। লগতে এই বৰ্ষত অসমৰ বিভিন্ন ঠাইত নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা ত্ৰিশ হাজাৰৰ অধিক গছৰ পুলি ৰোপণ কৰিছে ।
সেইদৰে কালি ( ৪ জুন ) বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি এই বৰ্ষত "Beat Plastic Pollution" মন্ত্ৰৰে জিলা, আঞ্চলিক আৰু প্ৰাথমিক নিখিল বড়ো ছাত্ৰ সন্থাৰ নেতা কৰ্মী সকলে অসমৰ বিভিন্ন ঠাইবোৰ পৰিস্কাৰ কৰিছে l
Also Read: তেজৰ চেকুৰাৰে লিপিবদ্ধ ইতিহাস বুকুত লৈ বালাছোৰত পুনৰ আৰম্ভ হ'ল ৰে'ল সেৱা...