৩ মাহত কাজিৰঙালৈ আহিল ১লাখ ৩৮ হাজাৰ ১৭ জন পৰ্যটক...

অভিলেখৰ দিশত কাজিৰঙাৰ ২০২২-২৩ পৰ্যটন বৰ্ষ ৷ তিনিমাহতে কাজিৰঙালৈ আহিল ১লাখ ৩৮ হাজাৰ ১৭ জন দেশী-বিদেশী পৰ্যটক ৷ ইয়াৰে ৩ হাজাৰ ২২৬ গৰাকী বিদেশী পৰ্যটক ৷
৩ মাহত কাজিৰঙালৈ আহিল ১.৩৬ লাখ পৰ্যটক
৩ মাহত কাজিৰঙালৈ আহিল ১.৩৬ লাখ পৰ্যটক

ডিজিটেল সংবাদ, কাজিৰঙা: অভিলেখৰ দিশত কাজিৰঙাৰ ২০২২-২৩ পৰ্যটন বৰ্ষ ৷ তিনিমাহতে কাজিৰঙালৈ আহিল ১লাখ ৩৮ হাজাৰ ১৭ জন দেশী-বিদেশী পৰ্যটক ৷ ইয়াৰে ৩ হাজাৰ ২২৬ গৰাকী বিদেশী পৰ্যটক ৷ ৰাজহ সংগ্ৰহৰ পৰিমাণ ৩ কোটি ৪৪ লাখ ৬৬ হাজাৰ ৯৩৪ টকা ৷ এই কথা সদৰি কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক যতীন্দ্ৰ শৰ্মাই ৷

উল্লেখ্য যে সদগুৰুৰ উপস্থিতিত মুখ্যমন্ত্ৰী ড.হিমন্তবিশ্ব শৰ্মাই আনুষ্ঠানিক ভাৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে মুকলি কৰাৰ পাছত বিগত বৰ্ষৰ ২ অক্টোবৰত আৰম্ভ কৰা হয় ২০২২-২৩ পৰ্যটন বৰ্ষ ৷ আনহাতে কাজিৰঙা ব্যাঘ্ৰ প্ৰকল্পৰ অন্তৰ্গত নগাঁও ৱাইল্ডলাইফ ডিভিজনত পৰ্যটকৰ সহাৰি লাভ কৰাৰ লগতে ভোমোৰাগুৰিৰ নদী পৰ্যটনত ৩ হাজাৰৰো অধিক পৰ্যটকে নৌকা বিহাৰৰ যোগেদি ডলফিনৰ লুকাভাকু উপভোগ কৰিছে ৷

বৰ্তমান অতি সীমিত টুৰিষ্ট গাইড আৰু বনকৰ্মীয়ে সেৱা আগবঢ়াই থকা কাজিৰঙাত অধিক সংখ্যক বনকৰ্মী আৰু টুৰিষ্ট গাইড মকৰলৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি মত প্ৰকাশ সঞ্চালকগৰাকীৰ ৷লগতে তেও কয় যে জাহাজত ব্ৰক্ষ্মপুত্ৰৰ মাজেৰে অহা বিদেশী পৰ্যটকক লৈ আশাবাদী উদ্যান কৰ্তৃপক্ষ ৷

আনহাতে অহা ১০ জানুৱাৰী প্ৰধানমন্ত্ৰীয়ে উদ্ধোধন কৰিবলগীয়া গংগা বিলাস নামৰ বিশেষ জাহাজখন শিলঘাট পাবহি ১০ ফেব্ৰুবাৰীত ৷ তাত অহা বিদেশী পৰ্যটকক আদৰিবৰ বাবে সাজু হৈছে উদ্যান কৰ্তৃপক্ষ ৷ আনহাতে বিশ্বনাথৰ পানপুৰত আগন্তুক ৬,৭ তাৰিখৰ পৰা পৰ্যটকে হাতী ছাফাৰী, জীপ ছাফাৰী কৰাৰ লগতে নাও ছাফাৰী কৰাৰ সুবিধা লাভ কৰিব বুলি মন্তব্য সঞ্চালকগৰাকীৰ ৷

আৰু পঢ়ক: কাজিৰঙাৰ পৰা ওলাই গ'ল ১৩ টাকৈ গঁড়...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in