/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/ad4f0701-9b73-46f6-aab4-b51a5c0d4d54/rhino.jpg)
ডিজিটেল সংবাদ, কাজিৰঙা: এটা , দুটা নহয়। মুঠ ১৩ টাকৈ গঁড় ওলাই গৈছে কাজিৰঙাৰ পৰা ৷কাজিৰঙাৰ গঁড় বিচৰণ কৰিছে গৈ মাজুলী, যোৰহাট আৰু গোলাঘাটৰ সীমান্ত অঞ্চলত।
কেইদিনমান পূৰ্বে মাজুলীত দুটা আৰু যোৰহাটৰ ঢেকীয়াখোৱা অঞ্চলত দুটা গঁড়ে বিচৰণ কৰি থকা দেখিবলৈ পোৱা গৈছিল। কিন্তু বৰ্তমান ইয়াৰ সংখ্যা তেৰটালৈ বৃদ্ধি পালে বুলি বন বিভাগৰ পৰা জানিব পৰা গৈছে।
তিনিটা গঁড় যোৰহাটৰ উপকণ্ঠ অঞ্চলত দেখিবলৈ পোৱাৰ বিপৰীতে দহটা গঁড়ে মাজুলী আৰু গোলাঘাটৰ বহুকেইটা চাপৰিত বিচৰণ কৰি ফুৰা বন বিভাগৰ লোকসকলে প্ৰত্যক্ষ কৰিছে ৷আটাইকেইটা গঁড়কে নজৰত ৰাখি বনকৰ্মীসকলে সকলো সময়তে পহৰা দি আছে ৷
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক যতীন্দ্ৰ শৰ্মাই কয় যে নিজে নাহিলে গঁড় বিলাকক বলপূৰ্বক কাজিৰঙালৈ খেদি অনাৰ ব্যৱস্থা কৰা নহয় ।অৱশ্যে গ্ৰামাঞ্চলত উপদ্ৰৱ কৰিলে বিবেচনা কৰা হ’ব বুলি তেওঁ মন্তব্য কৰে ৷
আনহাতে কিছুমান গঁড়ৰ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই যোৱাৰ কাৰণ সন্দৰ্ভত বিষয়া গৰাকীয়ে মন্তব্য কৰে যে এয়া স্বাভাৱিক প্ৰবৃত্তি ৷ বাঘ ,হাতী,ম’হৰ দৰে গঁড়েও সুদীৰ্ঘ পথ বিচৰণ কৰে ৷ লগতে তেওঁ মন্তব্য কৰে যে ৰাষ্ট্ৰীয় উদ্যানখনত গঁড়ৰ খাদ্যৰ অভাৱ হোৱা নাই ৷ গতিকে খাদ্যৰ অভাৱত ওলাই যোৱা কথাটো অৱান্তৰ ৷
আৰু পঢ়ক: কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে উদ্বোধন কৰিব উত্তৰ-পূৱৰ প্ৰথমখন অলিম্পিক পাৰ্ক...