মৰাণত আৰক্ষীৰ গুলীচালনাঃ গুলীবিদ্ধ আলফাৰ লিংকমেন...

মৰাণত আৰক্ষীৰ গুলীচালনাঃ গুলীবিদ্ধ আলফাৰ লিংকমেন...

ডিজিটেল ডেস্কঃ মৰাণত আৰক্ষীৰ গুলীচালনাৰ ঘটনা। মৰাণৰ খোৱাঙত সংঘটিত হৈছে এই ঘটনা। আলফা (স্বাঃ)ৰ লিংকমেনক গুলীচালনা কৰে আৰক্ষীয়ে।

আৰক্ষীৰ গুলীত আহত হয় এজন আলফা (স্বাঃ)ৰ লিংকমেন। আহত লিংকমেনজনৰ নাম হেম চেতিয়া বুলি জানিব পৰা গৈছে। লিংকমেনজনে ডিব্রুগড়, তিনিচুকীয়াত ধনদাবী কৰাৰ অভিযোগ উত্থাপন হৈছিল।

ধনদাবীৰ তথ্য লাভ কৰাৰ পাছতেই আৰক্ষীয়ে অভিযান চলাই মৰাণৰ খোৱাং অঞ্চলত। আৰক্ষীৰ অভিযানকালতেই গুলীবিদ্ধ হয় লিংকমেনজন। ঘটনাৰ সন্দৰ্ভত অধিক তথ্যৰ বাবে আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। উল্লেখ্য ডিব্ৰুগড়ত আলফা (স্বাঃ)ৰ আন এগৰাকী মহিলা সদস্যক আটক কৰিছে আৰক্ষীয়ে।

মৰাণত আৰক্ষীৰ গুলীচালনাঃ গুলীবিদ্ধ আলফাৰ লিংকমেন...
বিজেপি নেতা লাচিত গগৈক আটক...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in