/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/9c6bdf78-31f0-456b-b7aa-8f20b4353ed6/rainfall.jpg)
ডিজিটেল ডেস্কঃ মৌচুমী বতাহৰ ফলত উত্তৰ-পূবৰ দুখনকৈ ৰাজ্যত অহা দুদিন ধৰি হ'ব ধাৰাষাৰ বৃষ্টিপাত। সোমবাৰে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছে এই তথ্য । ভাৰতৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ সঞ্চালক প্ৰধান মৃত্যুঞ্জয় মহাপাত্ৰই জনোৱা অনুসৰি উত্তৰ-পূবৰ দুখনকৈ ৰাজ্য অসম আৰু মেঘালয়ত বিগত দুটা দিনত হ'ব প্ৰবল বৃষ্টিপাত ।
মৌচুমী জলবায়ুৰ প্ৰভাৱৰ বাবেই এই বৰষুণ হ'ব বুলি উল্লেখ কৰিছে সঞ্চালক প্ৰধানগৰাকীয়ে । ইতিমধ্যেই দেশৰ বহু কেইখন ৰাজ্য পশ্চিম বংগ, বিহাৰ, ঝাৰখণ্ডত মৌচুমী জলবায়ুৰ প্ৰভাৱত প্ৰৱল বৃষ্টিপাতৰ কবলত পৰা পৰিলক্ষিত হৈছে ।
ভাৰতৰ বতৰ বিজ্ঞান বিভাগে অসমৰ ৫ খনকৈ জিলাক ৰেড এলাৰ্ট জাৰি কৰিছে । সেই জিলা কেইখন হৈছে কোকৰাঝাৰ, চিৰাং, বাক্সা, বৰপেটা আৰু বঙাইগাঁও । এই কেইখনত জিলাৰ উপৰিও ৰাজ্য বহুকেইখন জিলাক ইয়েল্ল এলেৰ্ট জাৰি কৰিছে । ধুবুৰী, নলবাৰী, গোৱালপাৰা, ডিমা হাচাওক ইয়েল্ল এলাৰ্ট জাৰি কৰিছে ।
Also Read: শিৱসাগৰত দম্পতীক প্ৰহাৰঃ গ্ৰেপ্তাৰ অভিযুক্ত বিজেপি কৰ্মী অংশুমান বৰা...