ৰাজ্যত অব্যাহত আছে সুদখোৰ অভিযান

ৰাজ্যত অব্যাহত আছে সুদখোৰ অভিযান

ডিজিটেল সংবাদ, হাইলাকান্দিঃ সুদখোৰৰ বিৰুদ্ধে হাইলাকান্দি আৰক্ষীৰ অভিযান অব্যাহত আছে। বুধবাৰে নিশা হাইলাকান্দি জিলাৰ কাটলিছেড়া আৰক্ষী চকীৰ অৰ্ন্তগত আফিন প্ৰথম খণ্ডত অভিযান চলাই এজন সুদখোৰ আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষী। আটক হোৱা সুদখোৰ জন হৈছে সাহানুৰ সাহা মজুমদাৰ।

সুদখোৰ সাহানুৰ সাহা মজুমদাৰৰ ঘৰৰ পৰা অভিযানৰ সময়ত  ৫ লাখ ৭৩ হাজাৰ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে লগতে এখন খালি (BLANK) চেকও উদ্ধাৰ কৰিছে কাটলিছেড়া আৰক্ষী। বৰ্তমান সুদখোৰ সাহানুৰ আৰক্ষীৰ জিম্মাত আছে আৰু বৃহস্পতিবাৰে সাহানুৰক ন্যায়লয়ৰ জিম্মালৈ প্ৰেৰন কৰিব আৰক্ষীয়ে।

ইয়াৰোপৰি শোণিতপুৰ মিছামাৰীত এজন সুদখোৰক গ্ৰেপ্তাৰ কৰে মিছামাৰী আৰক্ষীয়ে৷ লোকজন লাহোদাং ৰ তাৰা মিঞা ৷ আন এজন সুদখোৰক জেৰা চলাই আছে ৷ ঠেলামৰা আৰক্ষীয়েও দুজনক আটক কৰি জেৰা চলাই আছে৷

ৰাজ্যত অব্যাহত আছে সুদখোৰ অভিযান
এ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাৰ দিন সলনি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in