এ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাৰ দিন সলনি

দিন সলনিৰ বাবে সদৌ অসম ছাত্ৰ সন্থাই দিছিল স্মাৰক পত্ৰ

author-image
Asomiya Pratidin
New Update
এ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাৰ দিন সলনি

ডিজিটেল ডেস্ক : পূৰ্বে ঘোষণা কৰা তাৰিখত অনুষ্ঠিত নহয় অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষা। ইয়াৰ এদিন পাচতহে অনুষ্ঠিত হ'ব প্ৰাৰম্ভিক পৰীক্ষা।

Advertisment

বৃহস্পতিবাৰে এক জাননীযোগে এ পি এছ চিয়ে ঘোষণা কৰিছে নতুন দিন। পূৰ্বে ১৭ মাৰ্চত প্ৰাৰম্ভিক পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল; যদিও নতুনকৈ ঘোষণা কৰা অনুসৰি ১৭ মাৰ্চৰ পৰিৱৰ্তে ১৮ মাৰ্চ অৰ্থাৎ এদিন পাচতহে উক্ত পৰীক্ষা অনুষ্ঠিত কৰিব।

কিয়নো একেদিনাই শ্লেটৰ পৰীক্ষা হোৱা হেতু এ পি এছ চিয়ে পৰীক্ষাৰ দিন সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। উল্লেখ কৰা প্ৰয়োজন যে, এইক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থাই দিন সলনিৰ বিষয়ে অৱগত কৰিছিল। সংগঠনটোৱে এক স্মাৰক পত্ৰযোগে পৰীক্ষাৰ দিন সলনি কৰিবলৈ অনুৰোধ জনাইছিল।

Also Read: দৰঙৰ বেছিমাৰীত নাৰী দেহ ব্যৱসায় চক্র উৎখাত

Prelims exam ALL ASSAM STUDENT UNION apsc