মাটি বিক্ৰী কৰি শেষ! পুত্ৰৰ চিকিৎসাৰ বাবে সহায় বিচাৰি মুখ্যমন্ত্ৰীলৈ কাতৰ আহ্বান মোলান লস্কৰৰ

চাৰিমাহ ধৰি চিকিৎসালয়ৰ বিচনাত শয্যাগত কনিষ্ঠ পুত্ৰৰ বাবে সহায় বিচাৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সহায় বিচাৰিছে তেওঁ।

author-image
Asomiya Pratidin
New Update
মাটি বিক্ৰী কৰি শেষ! পুত্ৰৰ চিকিৎসাৰ বাবে সহায় বিচাৰি মুখ্যমন্ত্ৰীলৈ কাতৰ আহ্বান মোলান লস্কৰৰ

ডিজিটেল সংবাদ, কামপুৰঃ সাহিত্যিক পেঞ্চনাৰ সাংবাদিক মোলান লস্কৰৰ অসমৰ মুখ্যমন্ত্ৰীলৈ কাতৰ আহ্বান। চাৰিমাহ ধৰি চিকিৎসালয়ৰ বিচনাত শয্যাগত কনিষ্ঠ পুত্ৰৰ বাবে সহায় বিচাৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সহায় বিচাৰিছে তেওঁ।

Advertisment

উল্লেখ্য যে বিগত বৰ্ষৰ অক্টোবৰ মাহৰ ৭ তাৰিখে সাংবাদিকজনৰ কনিষ্ঠ পুত্ৰ তথা অসম চৰকাৰৰ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীচালক সুমন্তু লস্কৰ এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছিল। তেতিয়াৰ পৰাই চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে তেওঁ।

ঘৰৰ মাটি বাৰী বিক্ৰী কৰিও কনিষ্ঠ পুত্ৰক সুস্থ কৰিব নোৱাৰি এতিয়া নিৰূপায় হৈ পৰিছে পিতৃ। সুমন্তুৰ চিকিৎসা কৰি আছে যদিও এতিয়া টকাৰ অভাৱত পৰি অসহায় হৈ পৰিছে মোলান লস্কৰ। সেয়ে এতিয়া বিচাৰিছে সহায়। পুত্ৰৰ চিকিৎসাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীয়ে যাতে সহায় কৰে তাৰ বাবে আহ্বান জনাইছে দুৰ্ভগীয়া পিতৃগৰাকীয়ে।

Also Read: এগৰাকী এ চি এছ বিষয়াই নিজাববীয়া প্ৰচেষ্টাৰে বিলাইছে শিক্ষাৰ পোহৰ...