এগৰাকী এ চি এছ বিষয়াই নিজাববীয়া প্ৰচেষ্টাৰে বিলাইছে শিক্ষাৰ পোহৰ...

এগৰাকী এ চি এছ বিষয়াই নিজাববীয়া প্ৰচেষ্টাৰে বিলাইছে শিক্ষাৰ পোহৰ...

ডিজিটেল সংবাদ, হাজোঃ   এগৰাকী নৱনিযুক্ত এ চি এছ বিষয়া। নাম চেহনাজ পাৰবিন। আজিৰ তাৰিখত এইগৰাকী মহিলা চৰকাৰী শীৰ্ষ বিষয়াৰ কৰ্মই সকলোৰে দৃষ্টি কাঢ়িছে সকলোৰে। সংখ্যালঘু প্রাধান গ্ৰাম্যঅঞ্চলত কিশোৰী ছাত্ৰী সকলৰ মাজত বিলাই ফুৰিছে শিক্ষাৰ পোহৰ। ধৰ্মীয় শিক্ষাৰ সমন্তৰলকৈ একাডেমীক শিক্ষাই যে সমাজ খন সদায় আগুৱাই নিব পাৰি তাৰ প্ৰসাৰতা বৃদ্ধিৰ প্ৰয়াস আৰম্ভ কৰিছে এই গৰাকী চৰকাৰী মহিলা বিষয়াই। সদ্য ঘোষিত APSC পৰীক্ষাত সফলতৰে উত্তীৰ্ণ হোৱা এই গৰাকী মহিলা বিষয়া চেহনাজ পাৰবিন।

বিষয়া গৰাকীৰ ঘৰ হাজো সমষ্টিৰ শিমলুৱা গাওঁত। দিল্লী বিশ্ব বিদ্যালয়ৰ পৰা পৰিবেশ বিষয়ত মাষ্টাৰ ডিগ্ৰী লোৱা এই গৰাকী বিষয়া আজি অসম চৰকাৰৰ এজন শীৰ্ষ বিষয়া। চৰকাৰী বিষয়া হলেও নিজৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰী সকলক অধিক শিক্ষিত কৰাৰ প্ৰয়াস হাতত লৈছে এই গৰাকী বিষয়া চেহনজে।

বিশেষকৈ  সংশলঘু প্রাধন অঞ্চলত শ্ৰী শিক্ষা অধিক শক্তিশালী কৰাৰ প্ৰয়াস কৰিছে এই গৰাকী বিষয়াই।  বিষয়া গৰাকীয়ে নিজ অঞ্চলৰ কিশোৰী সকলক লগত লৈ শিক্ষাই যে সমাজ খন সলনি কৰিব পাৰে তাকেই বুজাই দিব বিচাৰিছে। বিশেষকৈ অঞ্চলটোৰ ছাত্ৰী সকলক শিক্ষাৰ ক্ষেত্ৰত প্ৰতিটো সময়ত আধুনিক শিক্ষাৰ লগত ফেৰ মাৰিব পৰাকৈ প্ৰতিটো সময়ত সহায়ৰ বাবে সাজু বুলি উল্লেখ কৰিছে। আনহাতে নিজৰ সন্তানৰ এনে যোগাত্মক মনোবৃত্তিৰ দেখি গৌৰৱবোধ কৰিছে নিজ পিতৃ মাতৃয়ে।

যিটো সময়ত একাংশ ইছলামিক দেশত নাৰী শিক্ষাৰ সম্পূৰ্ণ ৰূপে নিষিদ্ধ কৰা হৈছে তেনে এক সময়ত এগৰাকী মুছলিম চৰকাৰী বিষয়াৰ এনে প্ৰচেষ্টাক শলাগ লৈছে সকলোৱে। সমাজত যে নাৰী শক্তি কেতিয়াও পিছ পৰা নহয় তাৰ এক উদাহৰণ দাঙি ধৰা ACS বিষয়া চেহনাজৰ এনে কৰ্মৰাজিৰ বাবে ওচৰ চুবুৰীয়া গাঁওবাসীয়ে মৰমতে এনেদৰে গামোচা পিন্ধাই আদৰণি জনাই দিছে আশীৰ্বাদ।

এগৰাকী এ চি এছ বিষয়াই নিজাববীয়া প্ৰচেষ্টাৰে বিলাইছে শিক্ষাৰ পোহৰ...
৫০বছৰীয়া হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in