সদৌ অসম মইনা পাৰিজাতৰ হীৰক জয়ন্তী বৰ্ষ...

সদৌ অসম মইনা পাৰিজাতৰ হীৰক জয়ন্তী বৰ্ষ...

ডিজিটেল সংবাদ, মঙলদৈঃ ৰাজ্যখনৰ মইনাসকলৰ সৰ্বাংগীন বিকাশৰ বাবে কাম কৰি আহিছে সদৌ অসম মইনা পাৰিজাত। সদৌ অসম মইনা পাৰিজাতৰ গৌৰৱোজ্জ্বল হীৰক জয়ন্তী বৰ্ষীয় কাৰ্যসূচী সফলতাৰে ৰূপায়ন কৰাৰ উদ্দেশ্যে ঐতিহ্যমণ্ডিত তেজপুৰৰ অসমীয়া ক্লাৱত তেজপুৰ জিলা মইনা পাৰিজাতৰ আতিথ্যত শনিবাৰে ক্ৰীড়া উপসমিতিৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈ যায়।

সদৌ অসম মইনা পাৰিজাতৰ উপ-সভাপতি পুলিন কাকতিৰ সভাপতিত্বত অনুষ্ঠিত সভাত ক্ৰীড়া উপসমিতিৰ আহ্বায়ক ৰাণা আলমে উদ্দেশ্য বাখ্যা কৰে। সভাত সদৌ অসম মইনা পাৰিজাতৰ হীৰক জয়ন্তী বৰ্ষীয় কাৰ্যসূচী ৰূপায়ন সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰা হয়।

এই আলোচনা মৰ্মে সদৌ অসম মইনা পাৰিজাতৰ প্ৰতিখন জিলা মইনা পাৰিজাতে খেল সমাৰোহ অনুষ্ঠিত কৰি দৌৰ, বেডমিন্টন, দবা আৰু কাবাডী খেল অনুষ্ঠিত কৰি বাচনি হোৱা মইনাসকলৰ মাজত গহপুৰত ৰাজ্যিকভাৱে ক্ৰীড়া সমাৰোহ অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে।

আজিৰ সভাত উপস্থিত থাকে সদৌ অসম মইনা পাৰিজাতৰ সহ সম্পাদক নীলিমা বেজবৰুৱা, সাংগঠনিক সম্পাদক বিপুল বৰা, ৰাজ্যিক সদস্য মৃদুল শৰ্মা, সূৰ্য কুমাৰ নাথ, পূৰ্ণিমা দত্ত, শৰৎ মহন্ত, মঙলদৈ জিলা মইনা পাৰিজাতৰ সম্পাদক প্ৰবীণ বৰুৱা। ইয়াৰোপৰি উপস্থিত থাকে তেজপুৰ জিলা মইনা পাৰিজাতৰ সভাপতি প্ৰবীণ গগৈ, সম্পাদক চিত্তৰঞ্জন নাথ, গহপুৰ জিলা মইনা পাৰিজাতৰ জোনমনি শইকীয়া , বিশ্বনাথ জিলা মইনা পাৰিজাতৰ সম্পাদক সূৰ্য বৰা আৰু তেজপুৰ আঞ্চলিক মইনা পাৰিজাতৰ বিষয়ববীয়া সদস্যসকল।

সদৌ অসম মইনা পাৰিজাতৰ হীৰক জয়ন্তী বৰ্ষ...
মানকাচৰত বদৰুদ্দিন আজমলৰ প্ৰথম বিশাল নিৰ্বাচনী সভা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in