/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/2ace2bbd-1543-4067-8b3d-34383e378b83/13.jpg)
ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকাৰ সময়ত মানকাচৰত শনিবাৰে বদৰৰুদ্দিন আজমলে প্ৰথমটো বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত কৰে।
মানকাচৰৰ খাৰুৱাবান্ধা জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত বিয়লি প্ৰায় ৩ বজাত হেলিকপ্টাৰযোগে দলৰ সাধাৰণ সম্পাদক তথা বিলাসীপাৰাৰ বিধায়ক হাফিজ বছিৰ উদ্দীন কাছিমী আৰু এআইইউডিএফৰ যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি জেহেৰুল ইছলামৰ সৈতে দলৰ সভাপতি তথা ধুবুৰীৰ প্ৰাৰ্থী মৌলানা বদৰুদ্দিন আহি সভাস্থলীত উপস্থিত হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/292504fb-074a-4e35-b4fa-aa568f87364d/80497931_8223_485f_89ec_063138e90cab.jpg)
মানকাচৰ জিলা এআইইউডিএফৰ উদ্যোগত এবাৰ লোকসভা নিৰ্বাচনৰ প্ৰথমখন বিশাল নিৰ্বাচনী সভা আছিল। য’ত পূৰ্বৰ আজমলৰ আন ৰাজনৈতিক সভাৰ তুলনাত বহু কম সংখ্যক সমৰ্থক দেখা পোৱা যায়। আজমলৰ এই বিশাল নিৰ্বাচনী সভাত আজমল উপস্থিত হোৱাৰ পূৰ্বে জিলা পৰ্যায়ৰ কেইবাগৰাকী নেতা ভাষণ প্ৰদান কৰি কংগ্ৰেছ আৰু অগপ-বিজেপিক সমালোচনা কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/4347fc5b-2ba8-4c73-8067-6909b8ebf684/3417dc57_2ac5_43b0_8611_aab89b5eec47.jpg)
আজমল সভাস্থলীত উপস্থিত হোৱাৰ পাচত বিধায়ক আমিনুল ইছলাম, যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি জেহেৰুল ইছলাম আৰু হাফিজ বছিৰ উদ্দীন কাছিমীয়ে ভাষণ প্ৰদান কৰাৰ পাচত আজমলে এটাৰ পাচত আন এটা বিস্ফোৰক মন্তব্যৰে নিজৰ ভাষণ প্ৰদান কৰে।
অসমত এতিয়া কংগ্ৰেছ পাৰ্টি শেষ হৈ গৈছে। কংগ্ৰেছ দল ভাঙি ছিন্ন ভিন্ন হৈ গৈছে। মই মেডিকেল কলেজ আনিলো তেওঁলোক নেদেখে, মই ৰেলগাড়ী আনিলো, তেওঁলোকে নেদেখে। তথাপিও কয় মই হেনো একো কাম কৰিব পৰা নাই বুলি মন্তব্য কৰে বদৰৰুদ্দিন আজমলে।
জাবেদ-ৰকিবুলক সমালোচনা কৰি ধুবুৰী-ফুলবাৰী দলং, ধুবুৰী মেডিকেল কলেজ, ৰূপসী বিমান বন্ধৰ নিৰ্মাণৰ দাবী কৰে আজমলে। চকু আৰু কাণৰ চিকিৎসাৰ বাবে ৰকিবুলক জাকাতৰ ধন আৰু খেজুৰি দিম, ৰাজনীতি এৰিবলৈ জাবেদক মই আৰু বিধায়ক আমিনুল ৫ বছৰ খচৰ বহন কৰিম বুলি মন্তব্য কৰে আজমলে।
Also Read: ACAৰ সামাজিক দায়বদ্ধতাঃ দৰিদ্ৰৰ বাবে ২ কোটি ৮৪ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰিলে আশ্ৰয়গৃহ..