কেইবাটাও অস্ত্ৰোপচাৰ, ৬ মাহৰ অন্তত ঘৰলৈ উভতিল মইনা নায়ক...

অৱশেষত সুস্থ হৈ উঠিল মইনা নায়ক। প্ৰায় ৬ মাহ ধৰি চলা চিকিৎসাৰ অন্তত ঘৰলৈ যাব দিয়া হ'ল মইনাক।

author-image
Asomiya Pratidin
New Update
কেইবাটাও অস্ত্ৰোপচাৰ,  ৬ মাহৰ অন্তত ঘৰলৈ উভতিল মইনা নায়ক...

ডিজিটেল ডেস্ক: অৱশেষত সুস্থ হৈ উঠিল মইনা নায়ক। প্ৰায় ৬ মাহ ধৰি চলা চিকিৎসাৰ অন্তত ঘৰলৈ যাব দিয়া হ'ল মইনাক। অৱশ্যে ঘৰতেই মইনাক ড্ৰেচিং কৰিবলৈ পৰামৰ্শ দিছে চিকিৎসকে। মইনা নায়কৰ চিকিৎসাৰ সমস্ত খৰচ বহন কৰিছে চৰকাৰে। কেইবাটাও অস্ত্ৰোপচাৰ কৰা হৈছে মইনাৰ।

২০২২ চনৰ  ১৯ জুলাইত ডিব্ৰুগড়ৰ লেপেটকটা চাহ বাগিছাত মইনাৰ লগত এক দুৰ্ঘটনা সংঘটিত হৈছিল। চাহ বাগিচা কৰ্তৃপক্ষৰ  গাফিলতি আৰু শ্ৰমিকৰ আইন উলংঘা কৰাৰ বাবে চাহ বাগিচাৰ কলঘৰৰ কাটিং মেছিনত সোমাই পৰিছিল ২৫ বছৰীয়া যুৱতী মইনা নায়ক। এই দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে মইনাৰ সোঁহাত খন ভাঙি যোৱাৰ লগতে চুলিকোচা কলঘৰৰ মেছিনত সোমাই লাওখোলাৰ ওপৰৰ ছালৰ তৰপ সহ উভালি গৈছিল।

সেই মইনাই এতিয়া চিকিৎসকৰ অপ্ৰাণ চেষ্টাত সুস্থ হৈ উঠিছে। মইনাৰ মুখত দেখিবলৈ পোৱা গৈছে সুখৰ হাঁহি। এই খবৰে সকলোকে আনন্দিত কৰি তুলিছে।

আৰু পঢ়ক: ধৰ্ষণ কাণ্ড ৰোধ হওক: নিকৃষ্ট মানসিকতা নিপাত যাঁওক...

gmch guwahati