এবিএমছুৰ পৰা পদত্যাগ মহিদুল ইছলামৰ

সংখ্যালঘু জনতাক উচ্ছেদৰ জাননি দিয়া ইউপিপিএল দলত যোগদান কৰাটো নিত্যান্তই দূৰ্ভাগ্যজনক : টাইছন হুছেইন

author-image
Asomiya Pratidin
New Update
এবিএমছুৰ পৰা পদত্যাগ মহিদুল ইছলামৰ

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ এবিএমছুৰ কেন্দ্ৰীয় কাৰ্যকাৰী সভাপতি পদৰ পৰা পদত্যাগ কৰি মহিদুল ইছলামে শুকুৰবাৰে আনুষ্ঠানিকভাৱে ইউপিপিএল দলত যোগদান কৰা ঘটনাই এবিএমছুত জোকাৰণিৰ সৃষ্টি কৰিছে ।

Advertisment

উল্লেখ্য যে শুকুৰবাৰে কোকৰাঝাৰৰ ইউপিপিএলৰ কাৰ্যালয়ত সদ্যপদত্যাগী এবিএমছুৰ কাৰ্যকাৰী সভাপতি মহিদুল ইছলামৰ নেৰ্তৃত্বত ৬৮ গৰাকী এবিএমছুৰ প্ৰাক্তন কাৰ্যকৰ্তাই আনুষ্ঠানিকভাৱে ইউপিপিএল দলত যোগদান কৰে । মহিদুল ইছলামক ইউপিপিএলৰ সভাপতি তথা বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োই দলীয় চিহ্ন আৰু আৰনাইৰে আদৰণি জনায়। মহিদুল ইছলামৰ নেৰ্তৃত্বত ওদালগুৰিৰ পৰা আৰম্ভ কৰি কোকৰাঝাৰ এবিএমছুৰ জিলা, আঞ্চলিক তথা কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন নেতা-কৰ্মীসকলে ইউপিপিএল দলত যোগদান কৰাত এবিএমছুৰ ভিতৰচৰাত জোকাৰণিৰ সৃষ্টি হৈছে ।

ইপিনে ইউপিপিএল দলত আনুষ্ঠানিকভাৱে যোগদান কৰি এবিএমছুৰ সদ্য পদত্যাগী কাৰ্যকাৰী সভাপতি তথা এবিএমছুৰ প্ৰয়াত সভাপতি লাফিকুল ইছলামৰ ভাতৃ মহিদুল ইছলামে প্ৰমোদ বড়োৰ নেতৃত্বত বিটিআৰ শান্তিৰ পৰিৱেশ ঘূৰি অহা বুলি মন্তব্য কৰে ।

'বিটিআৰলৈ শান্তিৰ পৰিৱেশ ঘূৰি অহাটো সকলো জাতি-জনগোষ্ঠীৰ সপোন আছিল। সেয়া প্ৰমোদ বড়োৰ নেতৃত্বত সফল হৈছে।' বুলি মন্তব্য কৰি মহিদুল ইছলামে কোকৰাঝাৰ বৰ্তমান এডুকেচনেল হাবলৈ পৰিবৰ্তন হৈছে বুলি উল্লেখ কৰে।

ইউপিপিএলত ডাঙৰ উদ্দেশ্যলৈ যোগদান কৰিছো বুলি মন্তব্য কৰি মহিদুল ইছলামে কয় যে এবিএমছুৰ সভাপতি লাফিকুল ইছলামক ২০১৭ চনত গুলীয়াই হত্যা কৰা হৈছিল । শ্বহীদ লাফিকুল ইছলাম হত্যাকাণ্ডৰ ন্যায়ৰ বাবে বহু আন্দোলন কৰাৰ পিছত বুজি উঠিলো যে ৰাজনৈতিক প্ৰেক্ষাপটত গৈ হত্যাকাৰীৰ বিৰুদ্ধে তথা হত্যাকাণ্ডৰ ন্যায় প্ৰদান দিয়াত সমস্যাৰ সৃষ্টি হৈছিল । হত্যাকাণ্ডটোৰ ৰাজনৈতিকভাৱে যুদ্ধ কৰিবৰ বাবে প্ৰমোদ বড়োয়ে আমাক সুকীয়াকৈ কৈছে আৰু গধুৰ দায়িত্ব আছে বুলিও কৈছে। তেনে পৰিপ্ৰেক্ষিততে ইউপিপিএলত যোগদান কৰা বুলি মন্তব্য কৰিছে মহিদুল ইছলামে ।

ইপিনে প্ৰমোদ বড়োৰ ৰাজনৈতিক উপদেষ্ঠা তথা বিটিচিৰ পাৰিষদ তথা ইউপিপিএল দলৰ সাধাৰণ সম্পাদক মাধৱ ছেত্ৰীয়ে কয় যে দলত যোগদান কৰিবলৈ তেওঁলোকে বহুদিনৰ পৰা যোগাযোগ কৰি আহিছিল আৰু বহু দল সংগঠনৰ নেতাইও ইউপিপিএলত যোগদানৰ বাবে যোগাযোগ অব্যাহত ৰাখিছে ।

ইয়াৰোপৰি এবিএমছুৰ সভাপতি টাইছন হুছেইনে এবিএমছুৰ কাৰ্যকাৰী সভাপতি মহিদুল ইছলামে সংগঠনৰ পৰা পদত্যাগ কৰি ইউপিপিএল দলত যোগদান কৰাটো তেওঁৰ ব্যক্তিগত সিদ্ধান্ত বুলি মন্তব্য কৰিছে । তেওঁ কয় যে পূৰ্বৰে পৰা এবিএমছুৱে শোষণ-নিষ্পেষণ- বঞ্চনা -অধিকাৰৰ হকে মাত মাতি আহিছে আৰু আগলৈও মাত মাতি যাব ।

মহিদুল ইছলামে ইউপিপিএলত যোগদান কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি টাইছন হুছেইনে কয় যে যি ইউপিপিএলে সংখ্যালঘু জনতাক উচ্ছেদৰ জাননী জাৰি কৰিছে , লাখ লাখ সংখ্যালঘু জনতাক বেদখলকাৰী বুলি অভিহিত কৰিছে সেই ইউপিপিএল দলত যোগদান কৰাটো নিত্যান্তই দূৰ্ভাগ্যজনক।

Also Read: বামুণীমৈদামস্থিত ভাৰতীয় ষ্টেট বেংক চৌহদত কেইবাখনো শিক্ষানুষ্ঠানলৈ কম্পিউটাৰ প্ৰদান

kokrajhar abmsu uppl