/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/7487c2c4-335a-4243-9dba-78f951baaf48/CM.jpg)
ডিজিটেল সংবাদ, বিশ্বনাথ : "বিশ্বনাথৰ ৰাইজৰ ওচৰত এটা ধাৰ আছে। সেইটো হৈছে সমষ্টি পুন: নিৰ্ধাৰণৰ সময়ত জিলাখন কৰ্তন কৰা হৈছিল। সেই ধাৰ মই সুদে-মূলে পৰিশোধ কৰিবলৈ চেষ্টা কৰিম। লগতে অসমৰ প্ৰতিটো সমষ্টিতে একোখনকৈ উপ-জিলা গঠন কৰাৰ বাবে আমাৰ চৰকাৰৰ প্ৰস্তাৱ আছে।"-এই মন্তব্য মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।
শুকুৰবাৰে বিশ্বনাথৰ আৱৰ্ত্ত ভৱন ক্ষেত্ৰত অনুষ্ঠিত বিজেপিৰ মহাজনসম্পৰ্ক অভিযানৰ জনসভাত উপস্থিত থাকি মুখ্যমন্ত্ৰী গৰাকীয় কয় যে, তেজপুৰ আৰু বিশ্বনাথৰ ৰাইজৰ বাবে দুটা ভাল কাম হ'বলৈ গৈ আছে। সেয়া হৈছে শীঘ্ৰে গহপুৰত কনকলতা ৰাজ্যিক বিশ্ববিদ্যালয় স্থাপন কৰাৰ কাম হাতত লম। ইতিমধ্যে ভূমি চিনাক্তকৰণ কৰাৰ কাম বিধায়কে কৰিছে। এই বছৰৰ ভিতৰতে বিধানসভাত আইন প্ৰণয়ন কৰা হ'ব। আনহাতে নুমলীগড় কমাৰগাঁও সংযোগী ব্ৰহ্মপুত্ৰৰ বুকুয়েদি গাড়ী আৰু ৰে'ল চলাচল কৰিব পৰা এটা সুৰংগৰ কাম আৰম্ভ হ'ব। আৰু ডি পি আৰ বনাবৰ বাবে ভাৰত চৰকাৰে নিবিদা আহ্বান কৰিছে। ইতিমধ্যে অহা ৪ তাৰিখে নিবিদা খুলিব আৰু অতি কম সময়ৰ ভিতৰতে নিৰ্মাণ কাৰ্য আগবাঢ়ি যাব। ইফালে মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, নিৰ্বাচনৰ আগত মই মুখ্যমন্ত্ৰী হম বুলি ভৱাই নাছিলো। কিন্তু নিৰ্বাচনী সভাসমূহত সেই সময়ত এনেই কৈ দিলো এক লাখ চাকৰি দিম। তাৰ পিছতে মানুহে ধৰিছে। ময়ো মুখ্যমন্ত্ৰী হৈ গ'লো। কিন্তু প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ভগবানৰ আশীৰ্বাদত এক লাখ চাকৰি দিলো। অকল এক লাখ চাকৰি দিলেই নহ'ব, প্ৰতি বছৰে ২০/২৫ হাজাৰ কৈ চাকৰি দি যাব লাগিব।
আনহাতে বদৰুদ্দিনৰ প্ৰসংগ উল্লেখ কৰি কয় যে, আমি ৰাজনীতি এই ধৰণে কৰিছো যাতে দিছপুৰত আজমলৰ সেনানী-চামচা আৰু কেতিয়াও প্ৰৱেশ কৰিব নোৱাৰে। বিজেপি আৰু ২৯ বছৰ থাকিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, মনৰ সমান জেদি বস্তু একো নাই। সেয়েহে বিধায়কসকলে কিবা এটা ভাল কাম কৰিম বুলি ভাবিব লাগে আৰু সেয়া কৰিব লাগে।
Also Read: বাক্সা-নলবাৰীত পাগলাদিয়াৰ মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰীৰ...