/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/dceacd19-6e39-4d73-b193-09232a0f418e/Pijush.jpg)
ডিজিটেল ডেস্ক : অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই শুকুৰবাৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ সৈতে বাক্সা আৰু নলবাৰী জিলাৰ কেইবাটাও স্থান ভ্ৰমণ কৰি পাগলাদিয়া নদীৰ মথাউৰি পৰিদৰ্শন কৰি শেহতীয়াকৈ জিলা দুখনত সৃষ্টি হোৱা বান পৰিস্থিতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে প্ৰথমতে বাক্সাৰ জাৰতালুক অঞ্চলত উপস্থিত হৈ জলসম্পদ বিভাগে নিৰ্মাণ কৰা মথাউৰি পৰিদৰ্শন কৰি অহা বছৰ দুই কিল'মিটাৰ দৈঘ্যৰ এই মথাউৰিটো বহল কৰাৰ ব্যৱস্থা কৰিবলৈ বিভাগীয় অভিযন্তাক নিৰ্দেশ দিয়ে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/bcb86eb8-2fdc-4d64-8980-33df2a6a677c/3f9fef4c_e9a0_4395_a4f2_d508c9f4b658.jpg)
লগতে নিৰ্দিষ্ট দূৰত্বত শিলৰ সহায়েৰে খহনীয়া ৰোধৰ ব্যৱস্থা ল'বলৈও তেওঁ বিভাগক নিৰ্দেশ দিয়ে । উল্লেখ্য যে, জাৰতালুকৰ উজনীত হালাপাৰ নামৰ স্থানৰ পৰা প্ৰায় চাৰি কিল'মিটাৰ দৈঘ্যত পাগলাদিয়া নদীৰ পাৰ উন্মুক্ত হৈ থকাত এইবাৰ এই অংশৰে পানী ওলাই নলবাৰী, মুছলপুৰ আৰু বাক্সাৰ বৃহৎ অঞ্চল প্লাৱিত কৰিছি। পৰিদৰ্শনৰ সময়ত মন্ত্ৰী হাজৰীকাই অহা ডিচেম্বৰৰ পৰা এই স্থানত শক্তিশালী মথাউৰি নিৰ্মাণ কৰা হ'ব বুলি উল্লেখ কৰি বিভাগীয় অভিযন্তাক এই ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা হাতত ল'বলৈ নিৰ্দেশ দিয়ে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/b235463d-745a-4b01-9a4e-aba02c0964b9/523831e8_63ef_433a_9378_bc7cd2845cec.jpg)
পাছত দুয়োগৰাকী মন্ত্ৰীয়ে নলবাৰী জিলাৰ আল্লিয়া, বনগাওঁ আৰু গোহাই কমল অঞ্চল ভ্ৰমণ কৰি পাগলাদিয়া নদীৰ বানত ক্ষতিগ্ৰস্ত অঞ্চলটোৰ বুজ লয়। জলসম্পদ মন্ত্ৰীগৰাকীয়ে এই স্থানৰ মথাউৰি শক্তিশালী কৰাৰ লগতে অঞ্চলটোৰ মাজেৰে পাৰ হৈ যোৱা ঐতিহাসিক গোহাই কমল আলিটোৰো মেৰামতি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি স্থানীয় ৰাইজক আশ্বাস প্ৰদান কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/b16f9cca-d125-4e88-b87c-2e9ed32031de/5f1ab44a_4c59_4a21_ac64_4ddaefcf983f.jpg)
পৰিদৰ্শনকালত স্থানীয় সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে, এইবাৰ বানত এতিয়ালৈকে নাওবৈচা, বৰমা আৰু ভৱানীপুৰত জলসম্পদ বিভাগৰ তিনিটা মথাউৰিৰ মুঠ চাৰিটা স্থানত চিঙিছে আৰু এই স্থানসমূহত বিভাগে অস্থায়ী মেৰামতিৰ কাম ইতিমধ্যেই আৰম্ভ কৰিছে । লগতে অহা বছৰ এই মথাউৰিসমূহৰ সমান্তৰালভাৱে আৰু এটাকৈ মথাউৰি বনোৱাৰ বিষয়েও চিন্তা কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/b890b867-f25c-46fc-b44f-215d0bd6bece/4076a472_9efd_434f_b343_91bf128db424.jpg)
আনহাতে জলসম্পদ মন্ত্ৰী হিচাপে প্ৰথম বছৰত লখিমপুৰ, ধেমাজী, মাজুলী, মৰিগাঁও, শদিয়া আদি সততে বান হোৱা স্থানত বান প্ৰতিৰোধৰ ক্ষেত্ৰত গুৰুত্ব দি তুলনামূলকভাৱে সফল হোৱা বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই কয় যে, এইবাৰ নামনি অঞ্চলত বান নিয়ন্ত্ৰণৰ বাবে কাম কৰা হৈছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনাত জলসম্পদ বিভাগে এই দুটা বছৰ মূলত দৰঙৰ পৰা চিৰাং পৰ্যন্ত অঞ্চলসমূহত বান নিয়ন্ত্ৰণৰ ওপৰত প্ৰাধান্য অনুসৰি গুৰুত্ব প্ৰদান কৰিছে বুলিও মন্ত্ৰী হাজৰীকাই উল্লেখ কৰে। আনহাতে মুখ্যমন্ত্ৰীগৰাকীৰ নিৰ্দেশত সকলো মন্ত্ৰীয়েই বান অধ্যুষিত অঞ্চলত এক প্ৰকাৰে বাহৰ পাতি বন্যাৰ্তসকলৰ সুখ-সুবিধাৰ প্ৰতি দৃষ্টি ৰাখি আছে বুলিও জলসম্পদ মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/ad7e1fc9-f1f5-427b-a3f2-ffa04f3ff885/061be629_6de8_40f7_a3f7_7fc4b81f9a4a.jpg)
Also Read: বিধায়কে নকৰে গতিকে শ্ৰমদানেৰে বাট-পথ দলং নিৰ্মাণ ৰাইজৰ...