লাভজনক মৰাপাটৰ খেতি কৰিও বিপদত পৰিছে ৰাজ্যৰ কৃষক

লাভজনক মৰাপাটৰ খেতি কৰিও বিপদত পৰিছে ৰাজ্যৰ কৃষক

ৰাজ্যৰ কৃষি অৰ্থনীতিলৈ বৰঙণি আগবঢ়োৱা আন এক খেতি হ’ল মৰাপাটৰ খেতি। এই খেতি কৰা কৃষকে কিন্তু সাম্প্ৰতিক সময়ত ভীষণ লোকচানৰ সন্মুখীন হ’ব লগা হৈছে। মৰাপাটৰ খেতি কৰা কৃষকসকলৰ এই দুৰ্দশা হৈছে কিয় ? অসমীয়া প্ৰতিদিন ডিজিটেলৰ ধাৰাবাহিক এইলানি প্ৰতিবেদনৰ পঞ্চমখন প্ৰতিবেদনত সেই বিষয়ে সবিশেষ...

ৰাজ্যৰ মৰাপাটৰ কৃষকসকলৰ বাবে ভাল দিন চলি থকা নাই এতিয়া। চৰম হতাশাগ্ৰস্ত হৈ পৰিছে মৰাপাটৰ কৃষকসকল। ৰাজ্যৰ কৃষি বিভাগ আৰু জুট কোপাৰেচন অৱ ইণ্ডিয়াৰ অমনোযোগিতাৰ বাবেই কৃষকসকল ভৱিষ্যৎ অন্ধকাৰ হৈ পৰিছে।

নামনি অসমকে ধৰি ৰাজ্যৰ দ অঞ্চলসমূহত ব্যাপক হাৰত কৰা হয় মৰাপাটৰ খেতি। চৰকাৰী তথ্য অনুসৰি ৰাজ্যৰ ৫৮হাজাৰ হেক্টৰ মাটিত কৰা হয় মৰাপাটৰ খেতি।

বছৰি গড়ে ৰাজ্যত উৎপাদন হয় ৫,৫৯০০টন মৰাপাট। এই মৰাপাটসমূহৰ সুব্যৱহাৰৰ বাবে নাই মৰাপাট উদ্যোগ। যিসমূহ মৰাপাট কল স্থাপন কৰা হৈছিল সেইবোৰ মৰাপাট কল প্ৰায় বন্ধ হোৱাৰ দৰেই।

ইয়াৰ ফলত এই উৎপাদিত মৰাপাট বহিঃৰাজ্যৰ বেপাৰীক অতি কম দামত কৃষকসকলে বিক্ৰী কৰিব লগা হৈছে। গোৱালপাৰা জিলাৰে মৰাপাট উৎপাদনত বিশেষ নাম থকা জয়পুৰ, সোণাৰি, লক্ষীপুৰ, জলেশ্বৰ, ৰাজমিতা, তাৰাংগাপুৰ আদি অঞ্চলৰ কৃষকে বাধ্যত পৰি লোকচান ভৰি মৰাপাট বিক্ৰী কৰিছে।

উল্লেখযোগ্য যে প্ৰতি কুইণ্টল মৰাপাট উৎপাদন কৰোতে কৃষকসকলৰ উৎপাদনী ব্যয় হয় ৩৫০০টকাৰ পৰা ৪,০০০টকা। কিন্তু উৎপাদিত মৰাপাট তেওঁলোকে বজাৰত বিক্ৰী কৰিছে প্ৰতি কুইণ্টলে ২৮০০ টকাৰ পৰা ৩,০০০টকাকৈ।

কঠোৰ পৰিশ্ৰম কৰি মৰাপাট কাটি-ধুই শুকুৱাই বজাৰত উচিত মূল্য নাপাই ৰাজ্যৰ মৰাপাট খেতিয়কে। আনকি মৰাপাটৰ উচিত দাম বিচাৰি প্ৰতিবাদত নামিব লগা হৈছে মৰাপাটৰ খেতিয়ক।

খাৰুপেটীয়াত তেনে প্ৰতিবাদ সাব্যস্ত কৰি আৰক্ষীৰ গুলীত প্ৰাণো গৈছে মৰাপাট খেতিয়কৰ। ৰাজ্যত ফাগুনৰ পৰা ব’হাগৰ ভিতৰত মৰাপাটৰ বীজ সিঁচা হয়। ধানৰ পাছতে বাৰিষা কালত কৰা মৰাপাট এক প্ৰধান খেতি। বস্তা, কাপোৰ, বেগ, কাৰ্পেট, কম্বল, পৰ্দা, ৰঁচী আদি বহু সামগ্ৰী উৎপাদন কৰিব পাৰি মৰাপাটৰ পৰা।

মৰাপাট আঁহ নিষ্কাষণৰ পাছত ঠাৰিসমূহ প্ৰজ্জ্বলক হিচাপে ব্যৱহাৰ কৰিব পাৰি। ইয়াৰোপৰি মৰাপাটৰ কুমলীয়া আগ শাক হিচাপে ব্যৱহাৰ হয়।

জে আৰ চি, ইউ পি চি আদি উন্নতমানৰ প্ৰজাতিৰ উৎপাদনো ভাল। ৰাজ্যৰ কৃষি বিভাগে ৰাজ্যত মৰাপাট প্ৰযুক্তি অভিযান চলাই আছে। সেই অনুসৰি খাৰুপেটীয়াত, বহৰুহাটত আৰু গৌৰীপুৰত ক্ৰমে ১০০ লাখ, ১৩২.১৭লাখ আৰু ১০০ লাখ টকা ব্যয়ৰে মৰাপাট বজাৰ য়াৰ্ড স্থাপন কৰিছে। কিন্তু কৃষকক মৰাপাটৰ উপযুক্ত মূ্ল্য দিব পৰা নাই। জে চি আইৰ ভূমিকা এইক্ষেত্ৰত একেবাৰে নাই।

অথচ কেন্দ্ৰীয় চৰকাৰেএই খেতি আৰু মৰাপাট উদ্যোগটোৰ প্ৰতি অধিক সম্ভাৱনা কঢ়িয়াই আনিব পৰা বহু সিদ্ধান্ত গ্ৰহণ কৰিছে। জে পি এম আইন ১৯৮৭ৰ অধীনত ৮ডিচেম্বৰ ২০২৩ত অৰ্থনৈতিক পৰিক্ৰমা কেবিনেট কমিটীয়ে লৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত। কমিটিয়ে ২০২৩-২৪ বৰ্ষৰ মৰাপাট পেকেজিং সামগ্ৰীৰ বাবে সংৰক্ষণ নিয়মত অনুমোদন জনাইছে।

সেই সংৰক্ষণ নিয়ম অনুসৰি খাদ্য শস্য পেকেডিংৰ ক্ষেত্ৰত ১০০ শতাংশ আৰু চেনি পেকেজিংৰ ক্ষেত্ৰত ২০ শতাংশ মৰাপাটৰ বেগ ব্যৱহাৰ কৰাতো বাধ্যতামূলক কৰিছে। ইয়াৰ ফলত মৰাপাট মিল আৰু আনুসংগিক উদ্যোগসমূহত নিয়োজিত ৪লাখ শ্ৰমিক আৰু ৪০ লাখ কৃষকৰ জীৱিকাত প্ৰভাৱ পৰিব।

তেনে সময়ত কিন্তু ৰাজ্যৰ মৰাপাট খেতিয়কসকলৰ বাবে এই সিদ্ধান্তই কোনো প্ৰভাৱ পেলোৱা পৰিলক্ষিত হোৱা নাই। এতিয়াও এই সম্ভাৱনাময় খেতিৰে নিয়োজিত হৈ অনিশ্চিয়তাত ভোগিছে কৃষকসকল।

খাদ্য সামগ্ৰী পেকিঙৰ বাবে বছৰি কেন্দ্ৰীয় চৰকাৰে ১২হাজাৰ কোটি টকা মৰাপাটৰ বস্তা ক্ৰয় কৰে। সেই বস্তাৰ পৰিমাণ ৩০লাখ বেল অৰ্থাৎ ৯লাখ মেট্ৰিক টন।

এফ চি আইয়ে ইয়াৰে ৮৫ শতাংশ বস্তা ব্যৱহাৰ কৰে। ইয়াৰ পৰাই অনুমান কৰিব পাৰি মৰাপাটৰ খেতি সম্ভাৱনা আৰু বজাৰ কিমান ?

এই সম্ভাৱনাক বাস্তৱমুখী কৰিবলৈ ৰাজ্যৰ কৃষি বিভাগ, জে চি আইয়ে কেতিয়া ল’ব ব্যৱস্থা ? পাবনে অসমৰ মৰাপাটৰ খেতিয়কে উচিত বজাৰ মূল্য? সেয়াই এতিয়া লক্ষ্যণীয় হৈ পৰিছে।

লাভজনক মৰাপাটৰ খেতি কৰিও বিপদত পৰিছে ৰাজ্যৰ কৃষক
কি পৰ্যায়ত আছে অসম মিলেট মিছন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in