ঢকুৱাখনাত মহাবীৰ চিলাৰায় দিৱস পালন

মহাবীৰ চিলাৰায়ৰ ৫১৩ সংখ্যক জন্মজয়ন্তী উৎসৱটি দেওবাৰে ঢকুৱাখনাত দিনজোৰা

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাত মহাবীৰ চিলাৰায় দিৱস পালন

ডিজিটেল সংবাদ, ঢকুৱাখনা : মহাবীৰ চিলাৰায়ৰ ৫১৩ সংখ্যক জন্মজয়ন্তী উৎসৱটি দেওবাৰে ঢকুৱাখনাত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। ঢকুৱাখনা নৰ্মাল স্কুল প্ৰাংগণত ঢকুৱাখনা জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ঢকুৱাখনা জিলা কোচ ৰাজবংশী সন্মিলনীৰ সহযোগত অনুষ্ঠিত চিলাৰায় দিৱসৰ পতাকা উত্তোলন কৰে  ঢকুৱাখনা জিলা কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি দীনেশ কোচ আৰু উপ সভাপতি নাৰায়ণ ৰায়ে ।

Advertisment

ইয়াৰ পাছতে কোচ ৰাজবংশী সন্মিলনীৰ প্ৰাক্তন সভাপতি হৰকান্ত বৰাই নৰ্মাল স্কুল চৌহদত দিৱস উপলক্ষে সমূহ কৰ্মকর্তা আৰু বিষয় ববীয়াৰ সহযোগিতাত গছ পুলি ৰোপণ কৰে । কোচ ৰাজবংশী সন্মিলনী আৰু কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ গৰিষ্ঠ সংখ্যক বিষয় ববীয়া আৰু ৰাইজৰ উপস্থিতিত বীৰ চিলাৰায়ৰ প্ৰতিচ্ছবিত পুষ্প মাল্য আৰু বন্তি প্ৰজ্বলন কৰে ক্ৰমে হীৰা নাথ কোচ , নাৰায়ণ ৰায় ,মানস প্ৰতীম কোচ আৰু বাবুল ডেকাই।

পৰৱৰ্তী সময়ত অনুষ্ঠিত হয় মুকলি সভা । জিলা সভাপতি দীনেশ কোচৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাৰ উদ্বোধন কৰে বিজয় কৃষ্ণ কোচে। সভাত বিশ্ব বীৰ গৰাকীৰ জীৱন চৰ্যা সন্দৰ্ভত বিশ্লেষণাত্মক বক্তব্য আগবঢ়াই জিলা সভাপতি দীনেশ কোচ , বিজয় কৃষ্ণ কোচ, হৰকান্ত বৰা, বাবুল ডেকা , হীৰা নাথ মজিন্দাৰ আদিয়ে। 

সভাত বক্তা সকলে মহাপৰাক্ৰমী বীৰযোদ্ধা চিলাৰায়ৰ অতুলনীয় স্বদেশপ্ৰেম, দূৰদৰ্শী চিন্তা চৰ্চা আৰু বীৰত্বৰ স্বৰ্ণিল অধ্যায় ইতিহাসৰ পাতত জিলিকি আছে আৰু চিৰদিন থাকিব বুলি কয় ।  জিলা সভাপতি দীনেশ কোচে পৰাক্ৰমী বীৰ শুক্লধজ ৰায় পাছলৈ চিলাৰায় হিচাবে পৰিচিত সেনাপতি গৰাকীৰ  বীৰত্বৰ চানেকিয়ে বৃহত্তৰ অসমীয়া জাতিক সকলো প্ৰত্যাহ্বান আৰু প্ৰতিবন্ধক অতিক্ৰম কৰি সাহসেৰে আগুৱাই যাবলৈ আজীৱন উৎসাহিত  আৰু অনুপ্ৰাণিত কৰি যাব বুলি মন্তব্য কৰে ।

আৰু পঢ়কঃ ভক্ত বৈষ্ণৱৰ সমাবেশেৰে কহুঁৱাআটীত আন্তৰাষ্ট্ৰীয় শৈৱ সংঘৰ স্থাপনা সমাবেশ

chilarai divash