ইটাখোলাত বাইকৰ পৰা পৰিল লাখ টকাসহ নথি-পত্ৰ

এই মুহূৰ্তৰ খবৰ
এই মুহূৰ্তৰ খবৰ

ডিজিটেল সংবাদ,জামুগুৰিহাট : জামুগুৰিহাটৰ পথত হেৰাল লক্ষাধিক টকাসহ নথি-পত্ৰ। জানিব পৰা মতে, ইটাখোলাৰ হাবিদলনি গাঁৱৰ আনাৰুল ইছলাম আৰু তেওঁৰ পত্নী মাজাদা খাটুনৰ সৈতে ইটাখোলাৰ অসম গ্ৰামীণ বিকাশ বেংকত টকা জমা দিবলৈ আহিছিল ৷

আহি থকা অৱস্থাত তেওঁৰ অজ্ঞাতে ১ লাখ টকাসহ আধাৰ কাৰ্ড,পান কাৰ্ড,ভোটাৰ কাৰ্ড থকা বেগটো ৰাস্তাতে পৰি যায়। সেয়ে কোনো লোকে তেওঁৰ হেৰোৱা সামগ্ৰীখিনি পালে যোগাযোগ কৰিবলৈ অনুৰোধ জনায়।

তেওঁ উল্লেখ কৰে যে,কোনো সদাশয় লোকে বেগটোৰ সৈতে পত্নী মাজাদা খাটুনৰ নামত থকা নথিপত্ৰসমূহ পালে ৯৪৭৬৯১৪৭৬৭ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনায়।

এই মুহূৰ্তৰ খবৰ
ৰঙচঙী গাঁও পঞ্চায়ত আৰু লেংৰাই গাঁও পঞ্চায়তক দুলিয়াজান সমষ্টিৰ পৰা পৃথক কৰিব খোজা কাৰ্যৰ বিৰোধিতা

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in