/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/6ac8a1b7-e706-422d-9586-7ffc802b87d2/chirang.jpg)
ডিজিটেল সংবাদ, চিৰাং : চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ খুংগ্ৰীং সাপ্তাহিক বজাৰত ডকাইতি কাণ্ডৰ বলি হোৱা ভুক্তভোগী ব্যৱসায়ীৰ পৰিয়ালৰ কাষত আহি থিয় দিয়ে চিদলী সমষ্টিৰ ইউপিপিএল দলৰ বিধায়ক জয়ন্ত বসুমতাৰীয়ে । আজি বিধায়ক জয়ন্ত বসুমতাৰী বাসুগাওঁ চহৰৰ নতুনবস্তীৰ বাসিন্দা তথা ক্ষুদ্ৰ ব্যবসায়ী বাদল সাহাৰ ঘৰত উপস্থিত হৈ পৰিয়ালৰ সদস্য সকলৰ সৈতে মত বিনিময় কৰে আৰু পৰিস্থিতিৰ বুজ লয় ।
এনেধৰনৰ অনাকাংক্ষিত ঘটনাৰ বাৱে ভুক্তভোগী ব্যবসায়ী বাদল সাহা সহ উপস্থিত অন্যান্য ব্যবসায়ী সকলক আতংকিত নহবলৈ আহ্বান জনায় । ইপিনে ভুক্তভোগী ক্ষুদ্ৰ ব্যৱসায়ী বাদল সাহাৰ আৰ্থিক পৰিস্থিতি লক্ষ্য ৰাখি ঘটনাৰ দিনাই বিটিচিৰ বনবিভাগৰ কাৰ্য্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে আৰ্থিক সাহাৰ্য্য প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছিল । আজি বিধায়ক জয়ন্ত বসুমতাৰীয়ে বিটিচিৰ বনবিভাগৰ কাৰ্য্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীৰ সৈতে এই সংক্ৰান্তত কথা পাতি ভুক্তভোগী বাদল সাহাক আৰ্থিক সাহাৰ্য্য আগবঢ়োৱা হব বুলি আশ্বাস প্ৰদান কৰে ।
বিধায়ক গৰাকীয়ে বাৰ্তালাপ কৰাৰ সময়ত কয় যে এটা সময়ত চিৰাং জিলাৰ উত্তৰাঞ্চল এলেকাত এনেধৰনৰ অপৰাধমূলক ঘটনা প্ৰায়ে সংঘটিত হৈছিল কিন্তু বিটিআৰ শান্তিচুক্তি সম্পাদিত হোৱাৰ পিছত এনেধৰনৰ মৰণাস্ৰ দেখুৱাই সাধাৰণ লোক তথা ব্যবসায়ী সকলৰ পৰা লুটপাট চলোৱা ঘটনা বন্ধ হৈ গৈছিল। কিন্তু অচিনাক্ত দুষ্কৃতিকাৰীয়ে মৰণাস্ৰ দেখুৱাই এটা সপ্তাহৰ ভিতৰতে জিলাখনত দুটাকৈ লুটপাটৰ ঘটনা সংঘটিত কৰিছে ।
চিৰাং জিলা আৰক্ষীয়ে অপৰাধী চক্ৰটোক কৰায়ত্ব কৰিবলৈ অনুসন্ধান তথা অভিযান অব্যাহত ৰাখিছে আৰু খুব কম সময়ৰ ভিতৰতে অপৰাধী চক্ৰটোক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হব বুলি বিধায়ক জয়ন্ত বসুমতাৰীয়ে দাবী কৰে । যোৱা ১০ ফেব্ৰুৱাৰী তাৰিখে এবছুৰ সাধাৰণ সম্পাদক খনিন্দ্ৰ বসুমতাৰীৰ নেতৃত্বত এটা প্ৰতিনিধি দল ভুক্তভোগী বাদল সাহাৰ বাসগৃহত উপস্থিত হৈ তেখেতৰ সৈতে মত বিনিময় কৰি সহমৰ্মিতা জনাই গৈছিল ।
উল্লেখ্য যে যোৱা ৪ ফেব্ৰুৱাৰী চিদলী থানাৰ অন্তৰ্গত ছামঠাইবাৰীৰ এটা প্ৰেট্ৰল পাম্পত পিষ্টল দেখুৱাই ৩.৫ লাখ টকা লুন্ঠন কৰি লৈছিল আৰু ১০ ফেব্ৰুৱাৰী চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ ,ৰুণীখাতা থানাৰ অন্তৰ্গত খুংগ্ৰীং সাপ্তাহিক বজাৰত কৃষিজাত সামগ্ৰী ক্ৰয় কৰিবলৈ যোৱা ক্ষুদ্ৰ ব্যবসায়ী বাদল সাহাৰ পৰা পিষ্টলধাৰী দুস্কৃতিকাৰীয়ে দুই লাখ টকা লুন্ঠন কৰি লৈছিল । এসপ্তাহৰ ভিতৰত দুটাকৈ মাৰনাস্ত্ৰ দেখুৱাই লুটপাট কৰাৰ ঘটনা সংঘটিত হোৱাৰ পিছত আজিলৈকে চিৰাং আৰক্ষীয়ে উক্ত ডকাইতি কাণ্ড সংঘটিত অপৰাধী চক্ৰৰ কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম নহোৱাত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
আৰু পঢ়ক : পি এছ জিৰ সন্মুখীন হোৱাৰ পূৰ্বে প্ৰস্তুতিৰ প্ৰয়োজন বেয়াৰ্ন মিউনিখক