'চৰকাৰৰ চিভিল স্ক'ৰ ভাল বাবেই ঋণ ল'ব পাৰিছে'- বিধায়ক দিগন্ত কলিতা

'চৰকাৰৰ চিভিল স্ক'ৰ ভাল বাবেই ঋণ ল'ব পাৰিছে'- বিধায়ক দিগন্ত কলিতা

author-image
Asomiya Pratidin
New Update
'চৰকাৰৰ চিভিল স্ক'ৰ ভাল বাবেই ঋণ ল'ব পাৰিছে'- বিধায়ক দিগন্ত কলিতা

'চৰকাৰৰ চিভিল স্ক'ৰ ভাল বাবেই ঋণ ল'ব পাৰিছে'- বিধায়ক দিগন্ত কলিতা

ডিজিটেল সংবাদ দুমুনিচকী: কামৰূপ জিলাৰ কমলপুৰ সমষ্টিৰ অন্তৰ্গত মুক্তাপুৰস্থিত পাটিদৰং উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি পি এম ডেভইন আঁচনিৰ অধীনত এটা ভবনৰ আধাৰশিলা স্থাপন কৰা হয়। প্ৰায় ৬ কোটি টকা ব্যয়ৰে নিৰ্মাণ হ'ব লগা উক্ত ভৱনটোৰ আধাৰশিলা অনুষ্ঠানটি ৰূপায়ন কৰে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই।

Advertisment

অনুষ্ঠানত বৰ্তমানৰ চৰকাৰখনে অত্যাধিক ঋণ লৈ উন্নয়নৰ ঢাক-ঢোল বজাই থকা বুলি চৰ্চা হৈ থকা সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন কৰে। উত্তৰত বিধায়কগৰাকীয়ে অসম চৰকাৰৰ চিভিল স্ক'ৰ ভাল বাবেই অসম চৰকাৰক ঋণ দিছে বুলি মন্তব্য কৰে।

চিভিল স্ক'ৰ ভাল নহ'লে ঋণ লাভ নকৰিলে হয় বুলি উল্লেখ কৰি ঋণ দিয়াৰ ক্ষেত্ৰত জি ডি পিৰ ওপৰতো নিৰ্ভৰ কৰে বুলি প্ৰকাশ কৰে। ঋণ লোৱাটো পাপ হ'ব নোৱাৰে বুলি উদ্বেগজনক মন্তব্য কৰে বিধায়ক দিগন্ত কলিতাই ।

আনহাতে এ আই ইউ ডি এফ বিজেপিৰ বি টীম বুলি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কৰা অভিযোগ সন্দৰ্ভত বিধায়ক দিগন্ত কলিতাই কয় যে- এ আই ইউ ডি এফ আৰু কংগ্ৰেছ ভাই ককাই।বিজেপিৰ লগত এ আই ইউ ডি এফৰ কোনো মিল নাই। যোৱাটো নিৰ্বাচনলৈকে দুয়োটা দল একে আছিল। তেনে ক্ষেত্ৰত কেনেকৈ বিজেপিৰ বি টীম হ'ব পাৰে। এইয়া কংগ্ৰেছ দলৰ অপপ্ৰচাৰ বুলি প্ৰকাশ কৰে বিধায়ক কলিতাই।

আনকি আগন্তুক লোক সভা নিৰ্বাচনত দুয়োটা দল মিলিয়েই নিৰ্বাচন খেলিব বুলি কয় বিধায়কগৰাকীয়ে। আধাৰশিলা উপলক্ষে অনুষ্ঠিত হোৱা সভাত বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী, অভিভাৱকৰ লগতে অঞ্চলটোৰ শতাধিক লোক উপস্থিত থাকে।

Also Read: কবি, সমাজকৰ্মী জয়ন্তী বৰালৈ অসম শিল্পী কাননৰ স্বৰ্ণলতা সোঁৱৰণি বঁটা...

দিগন্ত কলিতা