Advertisment

শতাধিক কৃষকৰ উপস্থিতিত বিধায়ক দিগন্ত কলিতাৰ বিশেষ প্ৰশিক্ষণ সভা...

শতাধিক কৃষকৰ উপস্থিতিত বিধায়ক দিগন্ত কলিতাৰ বিশেষ প্ৰশিক্ষণ সভা

author-image
Asomiya Pratidin
New Update
শতাধিক কৃষকৰ উপস্থিতিত বিধায়ক দিগন্ত কলিতাৰ বিশেষ প্ৰশিক্ষণ সভা...

ডিজিটেল সংবাদ, কামৰূপঃ কমলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক দিগন্ত কলিতাৰ উদ্যোগত তথা কামৰূপ জিলা কৃষি বিভাগৰ সহযোগত শুকুৰবাৰে বিধায়কৰ কাৰ্যালয়ত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ এখন প্ৰশিক্ষণ সভাৰ আয়োজন কৰা হয়। বিধায়কগৰাকীৰ উদ্যোগত কৃষি বিভাগৰ বিভিন্ন আচঁনি সম্পৰ্কে কমলপুৰৰ প্ৰতিগৰাকী কৃষকক অৱগত কৰাৰ উদ্দেশ্যে প্ৰতিখন গাঁৱৰ পৰা একোজনকৈ প্ৰতিনিধিক প্ৰশিক্ষণ দিয়াৰ লগতে কৃষিখণ্ডৰ প্ৰতি আকৰ্ষিত কৰিবলৈয়ে এই প্ৰশিক্ষণ সভাৰ আয়োজন কৰা হৈছে।

Advertisment

সভাত উপস্থিত শতাধিক কৃষক তথা সমূহীয়া সেৱা কেন্দ্ৰৰ কৰ্মকৰ্তাৰ জ্ঞাতাৰ্থে নিধি সম্পৰ্কে বিষদভাৱে ব্যাখ্যা আগবঢ়াই জিলা কৃষি বিভাগৰ জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া তথা প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ ন'ডেল বিষয়া জ্যোতিপ্ৰসাদ দাসে। ভাষণ প্ৰসংগত দাসে যিসকল হিতাধিকাৰীয়ে নিধিৰ ধন লাভ কৰাৰ পৰা বঞ্চিত হৈ আছে তেখেত লোকক কাষৰ সমূহীয়া সেৱা কেন্দ্ৰ (CSC)লৈ গৈ পৰ্টেলৰ লগত আধাৰ কাৰ্ড লিংক কৰাবলৈ অনুৰোধ জনায়। তেখেতে লগতে উল্লেখ কৰে যে- হিতাধিকাৰীসকলে বেংক একাউণ্টৰ লগতো যেন আধাৰ লিংক কৰে। প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ ধন লাভৰ ক্ষেত্ৰত হিতাধিকাৰীৰ নামত মাটি থকাটো বাধ্যতামূলক। এইক্ষেত্ৰত হিতাধিকাৰীৰ উপৰিপুৰুষৰ নামত যদি মাটি থাকে তেনে চক্ৰ বিষয়াৰ অনুমোদন সাপেক্ষে আবেদন কৰিব পাৰে।

সভাত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ লগতে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা তথা বিভাগীয় অন্যান্য আচঁনি সম্পৰ্কেও প্ৰশিক্ষণ দিয়া হয়। উপস্থিত প্ৰতিনিধিসকলক বিভাগীয় আচঁনিৰ সম্পৰ্কে কৃষকসকলক অৱগত কৰাবলৈ অনুৰোধ জনোৱা হয়।

আনহাতে ভাষণ প্ৰসংগত বিধায়ক দিগন্ত কলিতাই কৃষি খণ্ডৰ জৰিয়তে স্বাৱলম্বী হ'বলৈ উৎসাহিত কৰি নিজে কৰা খেতিৰ উদাহৰণ দিয়ে। তেখেতে সভাত উপস্থিত প্ৰতিগৰাকী প্ৰতিনিধিক প্ৰতিশ্ৰুতি দিয়ে যে- যিগৰাকীয়ে কৃষি বিভাগৰ আচঁনিৰ ক্ষেত্ৰত উৎকৃষ্ট উদাহৰণ প্ৰদৰ্শন কৰিব তেখেতক ১০ হাজাৰ টকাকৈ পুৰস্কাৰ প্ৰদান কৰিব। ভাষণৰ অন্তত কমলপুৰৰ এই নতুন পদক্ষেপ যেন সমগ্ৰ ৰাজ্য তথা দেশৰ বাবে আদৰ্শ হৈ পৰে সেই আশা প্ৰকাশ কৰে বিধায়কগৰাকীয়ে।

উক্ত সভাত কমলপুৰ বিজেপিৰ কৰ্মকৰ্তাসকলৰ লগতে কৃষি বিভাগৰ তৰফৰ পৰা ৰঙিয়াৰ মহকুমা কৃষি উন্নয়ন বিষয়া ৰমণী শৰ্মা, কমলপুৰ, লোচ আৰু বেজেৰাৰ কৃষি উন্নয়ন বিষয়া ক্ৰমে কুলেন ডেকা, কুমুদ চৌধুৰী আৰু প্ৰিয়ম্বী শইকীয়া, সংবাদ বিশেষজ্ঞ অক্ষমালা মহন্ত, তথা কম্পিউটাৰ অপাৰেটৰ ইস্পাৰ্ক হুছেইন আৰু মছিউজ জামানৰ লগতে কমলপুৰ অঞ্চলৰ কৃষক, সমূহীয়া সেৱা কেন্দ্ৰৰ কৰ্মকৰ্তা, গাওঁবুঢ়া তথা অন্যান্য প্ৰতিনিধিসকল উপস্থিত থাকে। বিভাগীয় বিষয়ববীয়াসকলক প্ৰতিনিধিসকলে কৰা বিভিন্ন প্ৰশ্নৰ উত্তৰ প্ৰদানেৰে প্ৰশিক্ষণ সভাৰ সামৰণি পৰে।

Also Read: দোষমুক্ত হ'ল উত্তৰ কাছাৰৰ হাজাৰ কোটি টকীয়া কেলেংকাৰীত আটাইকেইজন অভিযুক্ত...

GOVT OF ASSAM Govt of India agriculture