লাকুৱা FPC ৰ উৎপাদিত কণজহা আৰু আচাৰ ব্যৱসায়ৰ শুভাৰম্ভ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ

লাকুৱা FPC ৰ উৎপাদিত কণজহা আৰু আচাৰ ব্যৱসায়ৰ শুভাৰম্ভ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ
লাকুৱা FPC ৰ উৎপাদিত কণজহা আৰু আচাৰ ব্যৱসায়ৰ শুভাৰম্ভ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ
Published on
Updated on

ডিজিটেল সংবাদ মথুৰাপুৰঃ কৃষকৰ কল্যাণৰ বাবে গঠন হোৱা লাকুৱা এফ পি চিয়ে আজি থলুৱাভাৱে উৎপাদিত বিভিন্ন আচাৰ আৰু কণজহা চাউল অনুষ্ঠানিকভাৱে বজাৰলৈ মুকলি কৰিছে ৷ উৎপাদিত সামগ্ৰীসমূহ অনুষ্ঠানিকভাৱে মুকলি কৰে সোণাৰি সমষ্টি বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ৷

উল্লেখ যে,চৰাইদেউ জিলাৰ লাকুৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত মথুৰাপুৰ লাচিত নগৰত অৱস্থিত কাৰ্যালয়ত এই উপলক্ষে আয়োজিত অনুষ্ঠিত লাকুৱা এফ পি চিৰ সৈতে জড়িত থকা বি অ’ ডি , আৰু খেতিয়কসকলে অংশগ্ৰহণ কৰে ৷ সভাত সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে খেতিয়কসকলে উৎপাদিত কণজহা চাউল আৰু বিভিন্ন অচাৰ মুকলি কৰি ভাষণ প্ৰদান কৰে।

ভাষণত তেওঁ কয়, কৃষিখণ্ডত যুৱ শক্তিৰ অংশগ্রহণে কেনেধৰণৰ যোগাত্মক পৰিৱৰ্তনৰ সূচনা কৰিব পাৰে তাৰ অন্যতম উদাহৰণ এই কৃষক উৎপাদক কোম্পানীটো। কৃষিখণ্ডত নতুন প্রজন্মক আকৰ্ষণ কৰিবলৈ কৃষি বিভাগৰ জৰিয়তে বিভিন্ন সংস্কাৰমূলক ব্যৱস্থাৰ লোৱাৰ ফলশ্ৰুতিত এতিয়া নৱপ্ৰজন্মই কৃষিখণ্ডৰ মাজেৰে স্বনিয়োজনৰ পথ মুকলি কৰিবলৈ আগবাঢ়ি আহিছে।

লগতে বিধায়কগৰাকীয়ে এফ পি চি গঠন কৰি কৃষক ৰাইজ কেনেদৰে লাভাম্বিত হ'ব পাৰিব সেই সন্দৰ্ভত বহুমূলীয়া পৰামৰ্শ আগবঢ়াই। কৃষক কোম্পানীৰ বি অ’ ডি প্ৰণৱ বৰগোহাঁইয়ে আঁতধৰা অনুষ্ঠানত এফ পি চি গঠনৰ উদ্দেশ্য, লক্ষ্য আৰু ইয়াৰ প্ৰয়োজনীয়তা আৰু ভৱিষ্যত কাৰ্যপন্থা সন্দৰ্ভত বিভিন্ন দিশসমূহৰ ওপৰত বক্তব্য আগবঢ়াই বি অ’ ডি জীতেন ৰাজকোঁৱৰে ৷

কোম্পানীটোৰ চি অ' ডি বিথিকা বৰগোহাঁইয়ে উপস্থিত থাকি কৃষকসকলে উৎপাদিত ভোট জলকীয়, চেংমৰা, ভোট জলকীয়া সৰিয়হ, আম, বাঁহগাজ, জলফাই ইত্যাদি বিভিন্ন প্ৰকাৰৰ আচাৰ আৰু কণজহা চাউল মাৰ্কেটিংৰ বাবে মুকলি কৰাৰ বাবে সন্তষ্টি প্ৰকাশ লগতে কৃতজ্ঞতা জ্ঞাপন কৰে ৷ মনকৰিবলগীয়া যে, লাকুৱা এফ পি চিৰ অন্তৰ্ভুক্ত শতাধিক কৃষকে এইবাৰ কৃষক কোম্পানীটোৰ সহযোগত কেইবা বিঘা মাটি কণজহা খেতি কৰিবলৈ লোৱা বুলি জানিবলৈ দিয়ে।

লাকুৱা FPC ৰ উৎপাদিত কণজহা আৰু আচাৰ ব্যৱসায়ৰ শুভাৰম্ভ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ
বালিপৰাত বানৰ সংহাৰঃ জৰাসৰ নৈৰ জলপৃষ্ঠ বৃদ্ধি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in