ৰাজপথত কা আন্দোলনৰ উকমুকনি: 'এক্স'ত জিপি সিং, অখিল গগৈৰ আৰম্ভণি...

পঞ্চ ছহিদৰ কথাৰে জিপি সিঙৰ মুখ বন্ধ কৰিলে অখিল গগৈয়ে
ৰাজপথত কা আন্দোলনৰ উকমুকনি: 'এক্স'ত জিপি সিং, অখিল গগৈৰ আৰম্ভণি...
ৰাজপথত কা আন্দোলনৰ উকমুকনি: 'এক্স'ত জিপি সিং, অখিল গগৈৰ আৰম্ভণি...

ডিজিটেল ডেস্কঃ ৰাজ্যজুৰি পুনৰ 'কা' আন্দোলনে উকমুকনি ধৰাৰ সময়তে এক্স (পূৰ্বৰ টুইটাৰ)ত আৰম্ভ হৈছে আন এখন যুঁজ। ৰাজ্যৰ আৰক্ষী প্ৰশাসনৰ মুৰব্বী তথা আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে অখিল গগৈৰ এক মন্তব্যৰ আঁত ধৰি কৰা এটা টুইটৰ পাছত পুনৰ উভতি ধৰিছে অখিল গগৈয়ে। জিপি সিঙক 'কা' আন্দোলনৰ সময়ৰ কথা সোঁৱৰাই ৫ ছহিদ আৰু অসমীয়া ৰাইজৰ ওচৰত ক্ষমা বিচৰাৰ কথাও উল্লেখ কৰিছে।

উল্লেখ্য যে, নাগৰিকত্ব সংশোধনী আইন চমুকৈ 'কা' নিৰ্বাচনৰ পূৰ্বে সমগ্ৰ দেশতে কাৰ্যকৰী কৰিব বুলি গৃহমন্ত্ৰী অমিত শ্বাহে ঘোষণা কৰাৰ পাছৰে পৰা দেশৰ আন আন প্ৰান্তৰ লগতে অসমতো তীব্ৰ প্ৰতিক্ৰিয়া হোৱাৰ সমান্তৰালকৈ তীব্ৰ আন্দোলনৰ হুংকাৰ দিছে বিভিন্ন অৰাজনৈতিক দল, সংগঠনৰ লগতে বিৰোধী ৰাজনৈতিক দলসমূহেও। এই সংগঠনসমূহৰ এনে হুংকাৰৰ পিছতে মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাৰ সুৰতেই সুৰ মিলাই আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে অসমত আন্দোলন কৰি অসম বন্ধ আহ্বান কৰিলে আন্দোলনকাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ লগতে তেওঁলোকৰ পৰা এদিনৰ বন্ধৰ বিপৰীতে ১ হাজাৰ ৬৪৩ কোটি টকা ক্ষতিপূৰণ হিচাপে আদায় কৰা হ'ব বুলিও এক্সৰ জৰিয়তে ঘোষণা কৰিছিল।

তাৰ পিছৰ পৰাই আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙক আক্ৰমণৰ লক্ষ্য কৰি লৈছে দল, সংগঠনৰ নেতৃত্বই। ইয়াৰ মাজতে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ জিলাৰ বিধায়ক অখিল গগৈয়ে জিপি সিঙক প্ৰত্যাহ্বান জনাই সংবাদ মাধ্যমৰ আগত জিপি সিঙৰ উপৰিপুৰুষক ধৰি কৈছিল- গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিলে আমাক বাৰণ কৰিব নোৱাৰে। ইয়াৰোপৰি তেওঁৰ প্ৰশ্ন আছিল অসমীয়া জাতিক ৰঙা চকু দেখুৱাবলৈ ক'ত অধিকাৰ পালে জিপি সিঙে?

অখিল গগৈৰ এনে আক্ৰমণাত্মক তথা তীৰ্যক মন্তব্যৰ পাছতে জিপি সিঙে এক্সত লিখিলে- ''সন্মানীয় জনপ্ৰতিনিধি শ্ৰীযুত অখিল গগৈ ডাঙৰীয়া, আপোনালৈ এটি বিনম্ৰ অনুৰোধ--মোৰ বৃত্তিগত কৰ্তব্য পালনৰ সৈতে আপুনি একমত নহ’ব পাৰে অথবা মতানৈক্য থাকিব পাৰে । এই ক্ষেত্ৰত আপোনাৰ নিজস্ব মত অথবা বিৰোধিতা সাব্যস্ত কৰিবৰ বাবে আইনী ব্যৱস্থাৰ লগতে আন বিকল্প গ্ৰহণৰো সুবিধা আছে। কিন্তু ইয়াৰ বিপৰীতে এই সন্দৰ্ভত আপুনি অনাকাংক্ষিত ভাৱে মোৰ প্ৰয়াত পিতৃ আৰু পূৰ্বপুৰুষৰ প্ৰসংগ টানি আনি অপমানসূচক মন্তব্য প্ৰকাশ কৰিছে । আপোনাৰ দৰে এজন সন্মানীয় জনপ্ৰতিনিধিৰ এনে গৰ্হিত কাৰ্য্যত মই গভীৰ আঘাত পাইছো । মোৰ বাবে ভগৱান সদৃশ প্ৰয়াত পিতৃ তথা পূৰ্বপুৰুষ সকলক অবাঞ্চিত বৃত্তিগত বিতৰ্ক আৰু ৰাজহুৱা বক্তব্য পৰা আঁতৰাই ৰাখিবলৈ আহ্বান জনালোঁ।'' (অসম্পাদিত)

জিপি সিঙৰ এনে মন্তব্যৰ পাছতে বিধায়ক অখিল গগৈয়ে এক্সত পুনৰ লিখিলে- যদি মই আপোনাক দুখ দিছোঁ তাৰ বাবে মই দুখিতঃ। কিন্তু যেতিয়া আপোনাৰ তত্বাৱধানত চি (এ) এ (কা) প্ৰতিবাদৰ সময়ত ৫ জন যুৱক ছহিদ হৈছিল, তেতিয়া আপুনি আঘাত হোৱা নাছিল নেকি? সেই বিদেহ আত্মাৰ পিতৃ, মাতৃ আৰু ঘনিষ্ঠসকলেও আঘাত নাপায় নেকি?

ইয়াৰোপৰি তেওঁ লিখিছে- মোৰ উদ্দেশ্য আপোনাৰ পিতৃ বংশক অসন্মান কৰা নহয়, এয়া কেৱল অসমীয়া ভাষাৰ এটা প্ৰবাদ। আপোনাৰ অপকৰ্মৰ বাবে আপুনি ছহিদসকলৰ ওচৰত আৰু অসমৰ জনসাধাৰণৰ ওচৰত ক্ষমা বিচাৰিলে ময়ো নিশ্চিতভাৱে ক্ষমা বিচাৰিম।

এইদৰেই এতিয়া 'কা' আন্দোলনক কেন্দ্ৰ কৰি এক্সত আৰক্ষী সঞ্চালক প্ৰধান জিপি সিং আৰু বিধায়ক অখিল গগৈৰ মাজত আৰম্ভ হৈছে বাকযুদ্ধ। অৱশ্যে ৰাজপথত এতিয়াও তীব্ৰতৰ হোৱা নাই আন্দোলন।

সদৌ অসম ছাত্ৰ সন্থায়ো পূৰ্বেই আন্দোলনৰ বিভিন্ন কাৰ্যসূচী সূচী প্ৰকাশ কৰিছিল যদিও মেট্ৰিক পৰীক্ষা আৰু প্ৰধানমন্ত্ৰীৰ আগমণৰ বাবে বাৰে বাৰে পিছুৱাইছে আন্দোলনৰ কাৰ্যসূচী। এনে পৰিস্থিতিত এতিয়া লক্ষ্যণীয় হৈ পৰিছে এক্সত জিপি সিং আৰু অখিল গগৈৰ যুদ্ধ।

ৰাজপথত কা আন্দোলনৰ উকমুকনি: 'এক্স'ত জিপি সিং, অখিল গগৈৰ আৰম্ভণি...
সকলোতে উপস্থিত হয় তেওঁ, উপস্থিত নহয় ইডিৰ কাৰ্যালয়ত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in