মঙলদৈ লোকসভা সমষ্টিৰ নাম 'দৰং - ওদালগুৰি' কৰাত মিশ্ৰিত প্ৰতিক্ৰিয়া

মঙলদৈ লোকসভা সমষ্টিৰ নাম 'দৰং - ওদালগুৰি' কৰাত মিশ্ৰিত প্ৰতিক্ৰিয়া

ডিজিটেল সংবাদ,‌মঙলদৈ : 'দৰঙৰ ইতিহাস জানিও নজনাৰ ভাও ধৰা সাংসদ - বিধায়কসকলৰ নিৰ্লিপ্ততাৰ বাবেই আজি ঐতিহাসিক মঙলদৈ লোকসভা সমষ্টিটো দৰং - ওদালগুৰি' লোকসভা সমষ্টি হিচাপে নিৰ্বাচনী আয়োগে প্ৰকাশ কৰিলে। এয়া সমগ্ৰ দৰঙবাসীৰ বাবে দুৰ্ভাগ্যজনক। প্ৰকৃততে আমাৰ দৰঙত সমষ্টি ভিত্তিক বিধায়ক, সাংসদ আছে যদিও দৰঙবাসীৰ সুখ দুখৰ লগৰী হোৱাৰ এজনো দক্ষ নেতা দৰঙত নথকাটো সঁচাই দুৰ্ভাগ্যজনক'- এই ভাষ্য দলগাঁওস্থিত ডায়েটৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ মাধব শৰ্মাৰ।

ছিপাঝাৰস্থিত দৰঙী কলা কৃষ্টি উন্নয়ন সংঘৰ বাকৰিত শুকুৰবাৰে বিয়লি দৰং লোকসভা সমষ্টি দাবী সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয়। সভাপতি ডাঃ অমৰেন্দ্ৰ নাৰায়ণ দেৱৰ সভাপতিত্বত হোৱা এই সভাত ছিপাঝাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক চুমন বৰদলৈয়ে নিৰ্বাচনী আয়োগে যি সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিছে তাক আদৰণি জনায়।

তেওঁ কয় যে, এই প্ৰক্ৰিয়াই খিলঞ্জীয়া সকলৰ বাবে ৰক্ষা কৱচ হ'ব। দৰং লোকসভা সমষ্টি দাবী সমিতিৰ সম্পাদক ভৱেশ কাকতিয়ে সভাখন আঁত ধৰি কয় যে, এটা জনগোষ্ঠীক প্ৰাধান্য দি 'মঙলদৈ' নাম ওফৰাই আমাৰ সমষ্টিটো 'দৰং - ওদালগুৰি' কৰিলে। পৰৱৰ্তীকালত দৰং নামটোও বিলুপ্ত যে নহ'ব তাৰ কোনো নিশ্চয়তা নাই বুলি তেওঁ আশংকা কৰে।

উক্ত সভাত দৰং জিলা মহিলা সমিতিৰ সভানেত্ৰী বিনু নাৰায়ণ দেৱ, সম্পাদিকা মিৰণ দেৱী, উপ-সভাপতি ৰঞ্জু ভূঞা, নিবন্ধকাৰ হাফিজ আলী, কেশৱ কুমাৰ শৰ্মা, বাসৱ চন্দ্ৰ ডেকা, অগপ নেতা নৱ কুমাৰ ডেকা, খাটনীয়াপাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী অনিতা ৰাজবংশী,ৰঞ্জিত কুমাৰ নাথ, শেখৰ মজুমদাৰ, দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ছহিৰ ভূঞা,ৰাজেন্দ্ৰ নাথ, দীপাংকৰ শৰ্মা, স্বপন হাজৰিকা, ভূষণ চন্দ্ৰ শৰ্মা, জয়ৰাম বণিয়া, আব্দুল ছালাম, মাধৱ শৰ্মা, নলিনী বৰুৱা, ছিপাঝাৰ আছুৰ হৃদয় বৰুৱা, সুৰজিৎ বৰুৱা, ৰঞ্জন নাথ, মেৰাজুল হক আহমেদ আদি উপস্থিত থাকে।

ইফালে সভাখনত জ্যেষ্ঠ সাংবাদিক গণেশ দত্তই ভৈৰৱকুণ্ড নামটোৰ ঠাইত মঙলদৈ লোকসভা সমষ্টিৰ নামটো 'দৰং - ওদালগুৰি' কৰাত সন্তোষ প্ৰকাশ কৰে।

মঙলদৈ লোকসভা সমষ্টিৰ নাম 'দৰং - ওদালগুৰি' কৰাত মিশ্ৰিত প্ৰতিক্ৰিয়া
কালৰূপ ধাৰণ কৰি বিপদসীমাৰ ওপৰেৰে বৈছে দিখৌ নৈ : বিস্তীৰ্ণ অঞ্চল জলমগ্ন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in