ডিজিটেল সংবাদ,দক্ষিণ শালমাৰা : ৰাজ্যৰ আন আন জিলাৰ সমান্তৰালকৈ দক্ষিণ শালমাৰা মানকাচৰ জিলাতো সোমবাৰে মিছন ইন্দ্ৰধেনু ৫.০ অভিযানৰ শুভ উদ্ধোধন কৰা হয়। জিলাখনত কেন্দ্ৰীয়ভাৱে গজাৰিকান্দি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত পুৱা ১০ বজাত জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতী মুখ্য অতিথি হিচাপে উপস্থিত থাকি এটি শিশু হিতাধিকাৰীক ভেকচিন প্ৰদান কৰি মিছন ইন্দ্ৰধেনু ৫.০ অভিযান আৰম্ভ কৰে।
এই অভিযানৰ জড়িয়তে জিলাখনত মুঠ ৪৪৬০ গৰাকী শিশু তথা গৰ্ভৱতী হিতাধিকাৰীক নিয়মীয়া ভেকচিনৰ উপৰি ৰুৱেলা আৰু মিজিল্ছ মুক্ত ভেকচিন প্ৰদান কৰা হ'ব। আজিৰ পৰা ১২ আগষ্টলৈ ৬ দিন ধৰি এই ভেকচিন প্ৰদানৰ কাৰ্য্যসূচী চলিব।
নিয়মীয়া তথা মিজিলছ ভেকচিন লোৱাৰ পৰা বাদ পৰা শিশুসকলক এই ভেকচিন প্ৰদান কৰা হ'ব বুলি জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতী আৰু জিলা টীকাকৰণ বিষয়া ডাঃ চিৰাজুল ইছলাম জানিবলৈ দিয়ে। আজিৰ পৰা ১২ আগষ্টলৈ প্ৰথম পৰ্যায়ত ভেকচিন প্ৰদানৰ পাচত অহা ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহতো ৬ দিনীয়াকৈ বাদ পৰা হিতাধিকাৰীক ভেকছিন প্ৰদান কৰা হ'ব।
৩টা পৰ্যায়ত জিলাখনত ১০০ শতাংশ ভেকচিন প্ৰদান সুনিশ্চিত কৰিবলৈ জিলা স্বাস্থ্য বিভাগে একাংশ সমাজসেৱক, আশাকৰ্মী, শিক্ষকৰ উপৰিও বুদ্ধিজীৱি আৰু অধিবক্তা সকলক বাচনি কৰি লৈছে। উক্ত ব্যক্তিসকলে গাঁৱে গাঁৱে হিতাধিকাৰীসকলক ভেকচিন লোৱা সম্পৰ্কে সজাগতামূলক প্ৰচাৰ চলাই স্বাস্থ্য বিভাগৰ এই ভেকচিন প্ৰদান কাৰ্যসূচীত সহায়-সহযোগিতা কৰিব বুলি জিলা টীকাকৰণ বিষয়া ডাঃ ছিৰাজুল ইছলামে জানিবলৈ দিয়ে।
জিলাখনত মুঠ ৭০ টা স্থানত ৰুবেলা আৰু মিজিল্চৰ ভেকচিন প্ৰদানত স্পৰ্শকাতৰ এলেকা বুলি জিলা স্বাস্থ্য বিভাগে চিনাক্ত কৰিছে। উক্ত গাওঁসমূহতো সমাজ সেৱকসকলে সহায় কৰি ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰিছে জিলা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে।
লক্ষণীয় যে, আজিৰ এই মুকলি অনুষ্ঠানত জিলা আয়ুক্ত বিদ্যুত বিকাশ ভাগৱতী, জিলা টিকাকৰণ বিষয়া ডাঃ ছিৰাজুল ইছলাম, জিলা যুটীয়া স্বাস্থ্য সঞ্চালক সুজিত কুমাৰ দাসৰ লগতে কেবাগৰাকী চিকিতসক, স্বাস্থ্য কৰ্মী, পঞ্চায়ত প্ৰতিনিধি, সমাজসেৱক, বুদ্ধিজীৱি আৰু আশাকৰ্মীসকল উপস্থিত থাকে।