
ডিজিটেল সংবাদ,নামৰূপ : নামৰূপ সাৰ কাৰখানাকলৈ কেন্দ্ৰীয় সাৰ মন্ত্ৰী মনসুখ মণ্ডাভিয়াৰ মন্তব্যত পতিয়ন যোৱা নাই সদৌ অসম ছাত্ৰ সন্থা। এই সন্দৰ্ভত যোৱা ১ আগষ্টত অনুষ্ঠিত সদৌ অসম ছাত্ৰ সন্থা আৰু কেন্দ্ৰীয় সাৰ আৰু ৰসায়ন দপ্তৰৰ মন্ত্ৰীৰে হোৱা দ্বিপাক্ষীক বৈঠকত নামৰূপ সাৰ কাৰখানা বন্ধ কৰা নহয় আৰু আধুনিকীকৰণ কৰাৰ লগতে নেন' ইউৰীয়া প্লাণ্ট স্থাপনৰ আশ্বাস দিয়ে যদিও মন্ত্ৰীগৰাকীৰ মুখৰ কথাত আশ্বস্ত নহয় আছু নেতৃত্ব।
সেয়ে সোমবাৰে দুপৰীয়া নামৰূপ সাৰ কাৰখানাৰ মুখ্য প্ৰৱেশ দ্বাৰত ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই এক সংবাদমেলৰ আয়োজন কৰে। এই সংবাদমেল সম্বোধন কৰি ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৱনী কুমাৰ গগৈ কেতবোৰ মন্তব্য কৰে।
আছুৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া আৰু নামৰূপ আঞ্চলিকৰ সভাপতি অসীম ফুকন প্ৰমুখ্যে কাৰ্যকৰ্তা উপস্থিত থকা সংবাদমেলত জিলাৰ সাধাৰণ সম্পাদকগৰাকীয়ে কয় যে বিগত ১৭টা বছৰত বহু মন্ত্ৰীয়ে আশ্বাস দিলে। খোদ প্ৰাক্তন কেন্দ্ৰীয় সাৰ মন্ত্ৰী সদানন্দ গৌড়া নামৰূপত আহি ৩মাহৰ ভিতৰত চতুৰ্থ গোট স্থাপনৰ কামকাজ আৰম্ভ হ'ব বুলিও ঘোষণা কৰিছিল।
কিন্তু আজি পৰ্যন্ত সেই কামৰ কূটা এগছো লৰচৰ নহ'ল। তেনে প্ৰেক্ষাপটত কি ভিত্তিত মন্ত্ৰীৰ মুখৰ কথাত ৰাইজ আশ্বস্ত হ'ব বুলি উল্লেখ কৰে। তেওঁ কয় যে, মন্ত্ৰীৰ মুখৰ কথাত বিশ্বাস কৰি আছু হাত সাৱটি বহি নেথাকে । চতুৰ্থ গোট স্থাপন নোহোৱা পৰ্যন্ত আছুৰ আন্দোলন স্তিমিত নহয়। সেয়ে এলানি আন্দোলনৰ কাৰ্যসূচী আজিৰ সংবাদমেলযোগে ঘোষণা কৰে।
কাৰ্যসূচী মৰ্মে অহা ১০ আগষ্টত উদ্যোগটোৰ মুখ্য প্ৰৱেশ দ্বাৰত এক প্ৰতিবাদী মাংগলিক কাৰ্যসূচী ৰূপায়ন কৰিব । ১৪ আগষ্টৰ পৰা ১৫ আগষ্টলৈ অনশন কাৰ্যসূচী, ১৫ আগষ্টৰ পৰা সমগ্ৰ ডিব্ৰুগড় জিলা ভিত্তিত 'নামৰূপ বচাও আহক' শীৰ্ষক গণ স্বাক্ষৰ আৰু প্ৰচাৰ পত্ৰিকা বিতৰণ কায্যসূচী অনুষ্ঠিত কৰা হ'ব।
ইফালে ২৭ আগষ্টত সাৰ কাৰখানা মুখ্য প্ৰৱেশ দ্বাৰত 'নামৰূপ বচাও আহক' শীৰ্ষক এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰাৰ ঘোষণা কৰে আছুৱে। সংবাদমেলত আছুৱে কয় যে, কেন্দ্ৰীয় সাৰ মন্ত্ৰীগৰাকীৰ লগত হোৱা বৈঠকত তেওঁ স্পষ্টভাৱে কয় যে উত্তৰ পূৰ্বাচঞ্চলত সাৰৰ চাহিদা পূৰণৰ বাবে সাৰ নামৰূপ কাৰখানা উৎপাদনক্ষম হোৱাটো অপৰিহাৰ্য।
লগতে তেওঁ কয়- চতুৰ্থ গোট স্থাপনৰ বাবে প্ৰয়োজনীয় বিনিয়োগকাৰী আজি পৰ্যন্ত নিৰ্ধাৰণ হোৱা নাই। ইফালে বিনিয়োগৰ অংশীদাৰীত্বৰ ক্ষেত্ৰটো বি ভি এফ চি এলৰ ১১শতাংশহে চূড়ান্ত হৈ আছে। অইল ইণ্ডিয়াৰ অংশীদাৰীত্বৰ ২৬ শতাংশৰ পৰা ১৮ শতাংশ লৈ হ্ৰাস পালে বুলি কেন্দ্ৰীয় সাৰ মন্ত্ৰীগৰাকীয়ে কয়।
আনহাতে অসম চৰকাৰে ২৬ শতাংশ অংশীদাৰীত্ব গ্ৰহণ কৰাৰো কোনো লিখিত তথ্য কেন্দ্ৰীয় চৰকাৰৰ হাতত নাই বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আছুক অৱগত কৰে বুলি সংবাদ মেলত স্পষ্টকৈ উল্লেখ কৰে। তেনে প্ৰেক্ষাপটত সাৰ কাৰখানাৰ চতুৰ্থ গোটৰ বিষয়টোযে এক জটিল পৰ্যায়ত যে আছে ই একপ্ৰকাৰ নিশ্চিত বুলি উল্লেখ কৰে।
আনহাতে ২০২১ চনৰ ২৮ আগষ্টত সংঘটিত হোৱা বি.ভি.এফ.চি.এল ৰ দেশ কঁপাই যোৱা ৰাসায়নিক সাৰৰ কেলেংকাৰীৰ বিষয়টো সন্দৰ্ভতো আছুৱে বিভিন্ন মন্তব্য কৰে।সাৰ কেলেংকাৰী তদন্তৰ দাবীৰে আছুৱে বহু প্ৰতিবাদ কৰিলে যদিও কৰ্তৃপক্ষই বিষয়টো গাপ দিবলৈ চেষ্টা কৰা পৰিলক্ষিত হ'ল ।
সেয়ে বিষয়টোৱো বৈঠকত কেন্দ্ৰীয় সাৰ মন্ত্ৰীগৰাকীক আছু নেতৃত্বই অৱগত কৰে। ইয়াৰ উত্তৰত কেন্দ্ৰীয় মন্ত্রীগৰাকীয়ে কয় যে, এই সন্দৰ্ভত বি ভি এফ চি মেনেজমেন্টে বা স্থানীয় সাংসদ প্ৰতিনিধিগৰাকীয়ে কোনো ফ'ল' আপ কৰা নাই চৰকাৰক। সেয়ে আছুৱে সাৰ কেলেংকাৰী তদন্তৰ দায়িত্ব কেন্দ্ৰীয় তদন্তকাৰী সন্থাক অৰ্পণ কৰিবলৈয়ো লিখিতভাৱে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অৱগত কৰে বুলি সংবাদমেলত উল্লেখ কৰে।