মিছন বসুন্ধৰা : পট্টা আবেদনত ব্যৰ্থ ৫৫ হেজাৰ পৰিয়াল

মিছন বসুন্ধৰা : পট্টা আবেদনত ব্যৰ্থ ৫৫ হেজাৰ পৰিয়াল

ডিজিটেল ডেস্ক : গুৱাহাটী মহানগৰীত বছৰৰ পাছত বছৰ ধৰি বসবাস কৰি অহা সত্বেও ভূমি পট্টাৰ পৰা বঞ্চিত ৮৫ হেজাৰ পৰিয়ালক 'মিছন বসুন্ধৰা ২.০' আচনিয়েও বিশেষ কোনো সকাহ দিব পৰা নাই । কিয়নো ৰাজ্য চৰকাৰে ভূমি পট্টা প্ৰদানৰ নামত গ্ৰহণ কৰা বসুন্ধৰা ২.০ আঁচনিৰ জৰিয়তে বিগত প্ৰায় দুমাহত মহানগৰীৰ ৩০ হেজাৰ লোকে আবেদন কৰিব পৰা নাই । বাবে বাৰে চেষ্টা চলায়ো গুৱাহাটীৰ প্ৰায় ৫৫ হেজাৰতকৈ অধিক পৰিয়ালে ভূমি পট্টাৰ বাবে আবেদন কৰাত ব্যৰ্থ হৈছে । এই তথ্য সদৰী কৰিছে গুৱাহাটী মাটি পট্টাকৰণ সংগ্ৰাম সমিতি নামৰ সংগঠনটোৱে ।

বিশেষকৈ একচনীয়া পট্টা ভূমি, ৰায়তী ভুমি, ভূ-দান মাটি, গোশালাৰ মাটি, জৰীপ নোহোৱা মাটি আদি ভূমিৰ গৰাকীয়ে বসুন্ধৰাৰ জৰিয়তে অনলাইনত আবেদন কৰাৰ কোনো সুবিধা নাই । চৰকাৰে গুৱাহাটীৰ ক্ষেত্ৰত কেৱল চিলিং চৰকাৰী মাটি আৰু চৰকাৰী মাটিৰ ক্ষেত্ৰতহে ভূমি পট্টা বিচাৰি আবেদন কৰাৰ সুযোগ দিছে মিছন বসুন্ধৰা ২.০ আঁচনিত । এনে ক্ষেত্ৰত বহু লোকে ভূমি পট্টা বিচাৰি  আবেদন কৰাত ব্যৰ্থ হৈছে ।

উল্লেখ্য যে, মহানগৰীৰ ১৮খন পাহাৰত বসবাস কৰি থকা প্ৰায়ভাগ পৰিয়ালৰে নাই ভূমি পট্টা । কিন্তু সাধাৰণ মানুহে ঢুকি নোপোৱা ধৰণে চলা মিছন বসুন্ধৰাৰ পট্টা প্ৰদান প্ৰক্ৰিয়াটো দেখা গৈছে ব্যাপক বিসংগতি । এতিয়া প্ৰশ্ন হয়, জনসাধাৰণৰ স্বাৰ্থত নিৰূপন কৰা এখন আঁচনিয়ে মধ্যবিত্তৰ বৌদ্ধিক স্তৰক যদি ঢুকিয়েই নাপাই তেন্তে এনে আঁচনিৰ সফলতা ক'ত ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in