কাজিৰঙালৈ আহিব G20 ৰ প্ৰতিনিধিৰ দল,প্ৰস্তুতি আৰম্ভ...

কাজিৰঙালৈ আহিব G20 ৰ প্ৰতিনিধিৰ দল,প্ৰস্তুতি আৰম্ভ...

ডিজিটেল সংবাদ, কাজিৰঙা : অহা ৪ ফেব্ৰুৱাৰীত দিনজোৰা কাৰ্যসূচীৰে কাজিৰঙাত উপস্থিত হ’ব জি ২০ৰ প্ৰতিনিধিৰ দল ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শনৰ উৰ্দেশ্যৰে আহিব লগিয়া প্ৰতিনিধি দলটোক আদৰিবৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ লগতে গোলাঘাট জিলা প্ৰশাসনে ৷

এই সন্দৰ্ভত গোলাঘাট জিলা প্ৰশাসন আৰু বনবিভাগৰ উচ্চপদস্থ বিষয়াৰ লগত সোমবাৰে আলোচনাত মিলিত হয় কৃষিমন্ত্ৰী অতুল বৰা ৷ প্ৰস্তুতি সন্দৰ্ভত প্ৰধান মুখ্য বন সংৰক্ষক এম কে যাদৱে প্ৰকাশ কৰা মতে প্ৰতিনিধি দলটো ৪ ফেব্ৰুৱাৰীত পুৱা ৯:৩০ ত কাজিৰঙাত উপস্থিত হৈ সন্ধিয়া ৪:৩০ ত উভতি যাব ৷

দিনটোৰ কাৰ্যসূচীৰ ভিতৰত কহঁৰা বাগৰি আৰু অগৰাতলি বনাঞ্চল দৰ্শন কৰোৱাৰ ব্যৱস্থা কৰা হ’ব ৷ তদুপৰি বন বিভাগৰ সংগ্ৰহালয়,বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ লগতে হাতীখুলি চাহবাগিচা তালিকাত অন্তৰ্ভুক্ত থাকিব ৷ বিষয়া গৰাকীৰ মতে জি ২০ ৰ প্ৰতিনিধি সকলৰ কাজিৰঙা দৰ্শনে কাজিৰঙা পৰ্যটন ক্ষেত্ৰত ইতিবাচক প্ৰভাৱ পেলাব ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in