/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/8eb65952-e1c2-4e4c-b183-9dda11da187a/446.jpg)
ডিজিটেল সংবাদ, ছয়দুৱাৰ : পূব শোণিতপুৰ বন সংমণ্ডলৰ বৰগাং বনাঞ্চলিক বিষয়া কাৰ্য্যলয়ৰ আঞ্চলিক বন বিষয়া চক্ৰপাণি ৰয়ে বুৰৈ শিল-বালি মহলৰ পৰা চালান বিহীনভাৱে শিল-বালি কঢ়িওৱা টেক্টৰ আৰু ডাম্পাৰৰ বিৰূদ্ধে অব্যাহত ৰাখিছে অভিযান। বনাঞ্চলিক বিষয়া চক্ৰপাণি ৰয়ৰ নিৰ্দেশত বৰগাং ৰেঞ্জৰ দুলাল বৰাই যোৱা ১৪ ডিচেম্বৰত অভিযান চলাই হেলেম আৰক্ষী থানাৰ অন্তৰ্গত টকৌবাৰী আৰু চন্দামাৰী এলেকাৰ পথৰ পৰা চালান বিহীনভাৱে শিল বালি সৰবৰাহ কৰা এখন ডাম্পাৰ আৰু এখন ট্ৰেক্টৰ জব্দ কৰিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/916ad3f0-d260-4041-ac34-97fa9b289f9a/436e17cc_2d36_400f_965a_7c2415a78fb1.jpg)
ইয়াৰ পিছত শনিবাৰে দিনৰ ভাগত পুনৰ দুখন ট্ৰেক্টৰ আৰু এখন ডাম্পাৰ জব্দ কৰি বৰগাং ৰেঞ্জলৈ লৈ যায়। ৰেঞ্জাৰ চক্ৰপাণি ৰয়ৰ নিৰ্দেশত দুলাল বৰাৰ নেতৃত্বত অহা বৰগাং ৰেঞ্জৰ অভিযানকাৰী দলটোৱে চলোৱা অভিযানে এতিয়া হাহাকাৰ লগাইছে চোৰাং শিল বালি সৰবৰাহ কাৰীৰ লগতে কিস্তিৰ ম্যাদ ওকলা বালি মহলৰ মহলদাৰ সকলৰ মাজত।
বৰগাং ৰেঞ্জৰ অধীনস্থ চিংলীজান খণ্ড বিষয়া কাৰ্য্যলয়ৰ খণ্ড বন বিষয়া ধনজিৎ চেতীয়াৰ নেতৃত্বত যোৱা নিশা চলোৱা আন এক অভিযানত সন্ধিয়া প্ৰায় ৭-০০ বজাত জব্দ কৰা হয় আন এখন শিল বালি কঢ়িওৱা ট্ৰেক্টৰ(এএছ ২৫ ডি চি ৩১৬৩)। চালান বিহীনভাৱে শিল-বালি কঢ়িয়াই অনা ট্ৰেক্টৰ খনৰ বিৰুদ্ধে বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰিছে বন বিভাগে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/a1116a98-f11a-4ceb-b4ca-9084d82ed1cf/ad4f0367_2deb_4158_be10_ae2fc23b12aa.jpg)
উল্লেখযোগ্য যে,ইয়াৰ পূৰ্বৰ পৰা এইগৰাকী বনাঞ্চলিক বিষয়া চক্ৰপানি ৰয়ে চালান বিহীন একাধিক ডাম্পাৰ আৰু ট্ৰেক্টৰ জব্দ কৰি বিভাগীয় কাৰ্য্যব্যৱস্থা গ্ৰহণ কৰি আহিছে। দক্ষতাৰে কাৰ্য্যনিৰ্বাহ কৰা এইগৰাকী বনাঞ্চলিক বিষয়া চক্ৰপানি ৰয়ে বুৰৈৰ নৈৰ অবৈধ শিল বালি মহলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি অহাৰ পৰিপ্ৰেক্ষিতত তেওঁৰ বিৰূদ্ধে অপপ্ৰচাৰত লিপ্ত হৈছে এটা অসাধু চক্ৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/ca0828f3-a629-48b9-81c2-517b8a5d8c58/74853809_697e_42a7_bb6e_59facb20a5fa.jpg)
অবৈধ শিল বালি মহলৰ পৰা শিল বালি কঢ়িওৱা বহু টেক্টৰ,ডাম্পাৰ আদি তেওঁ পথৰ পৰা ধাৰাবাহিকভাৱে জব্দ কৰি নিয়াৰ ফলতে বন বিষয়া চক্ৰপাণি ৰয়ৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাবলৈ উঠি পৰি লাগিছে এটা দুষ্ট চক্ৰ।
Also Read: নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ মুহিৰাম শইকীয়াৰ স্মৃতিত তোৰণ আৰু গ্ৰন্থ উন্মোচন