নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ মুহিৰাম শইকীয়াৰ স্মৃতিত তোৰণ আৰু গ্ৰন্থ উন্মোচন

নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ মুহিৰাম শইকীয়াৰ স্মৃতিত তোৰণ আৰু গ্ৰন্থ উন্মোচন

ডিজিটেল সংবাদ,নগাঁও : সংগ্ৰামী সত্তা, শিক্ষাবিদ, ৰাজনৈতিক ব্যক্তি , সমাজ সংগঠক মুহিৰাম শইকীয়াক নগাঁৱত স্মৰণ ৷ নগাঁও মহাবিদ্যালয়ৰ দীৰ্ঘকালৰ অধ্যক্ষ মুহিৰাম শইকীয়াৰ স্মৃতিত দেওবাৰে মুকলি কৰা হ’ল এটি আটকধুনীয়া প্ৰৱেশ তোৰণ ৷ উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি মুহিৰাম শইকীয়াৰ স্মৃতি ৰোমন্থনেৰে ভিন্নজনৰ লিখনিৰে সমৃদ্ধ এখন গ্ৰন্থও উন্মোচন কৰা হয় ৷

নগাঁও মহাবিদ্যালয়ৰ চৌহদৰ সোঁদিশত নিৰ্মাণ কৰা আটকধুনীয়া তোৰণখন মুকলি কৰে সংগ্ৰামী নেত্ৰী ৰেখা শৰ্মাই ৷ নৌচাদ আখতাৰ হাজৰিকাই বন্তি প্ৰজলন আৰু পুষ্প অৰ্পন কৰাৰ পিছতে প্ৰৱেশ তোৰনখন ফিটা কাটি মুকলি কৰে ৰেখা শৰ্মাই ৷

উল্লেখ্য যে, মঙ্গল উৰুলিৰ মাজত মুহিৰাম শইকীয়াৰ পুত্ৰ সঞ্জীৱ শইকীয়াৰ আৰ্থিক অনুদানেৰে নিৰ্মাণ কৰা হৈছে তোৰনখন ৷ ইয়াৰ পিছতে নগাঁও মহাবিদ্যালয় (অটনমাচ)ৰ পৰিচালনা সমিতিৰ সভাপতি শৰৎ কুমাৰ দত্তৰ পৰিচালনাত অনুষ্ঠিত হয় নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ মুহিৰাম শইকীয়া স্মৃতি তোৰণ আৰু গ্ৰন্থ উন্মোচনী সভা ৷

নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ, জ্যেষ্ঠ সাংবাদিক তথা অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই আঁত ধৰা সভাখনত আদৰণি ভাষণ আগবঢ়াই ড° শৰৎ বৰকটকীয়ে ৷ গল্পকাৰ শিবানন্দ কাকতীয়ে আদৰণি জনোৱা সভাখনত “ ভিন্ন দৃষ্টিত মহিৰাম শইকীয়া “ শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে সাহিত্যিক, গৱেষক তিলক চন্দ্ৰ মজুমদাৰে ৷

সাহিত্যিক মজুমদাৰে উন্মোচন কৰি কয় যে, সংগ্ৰামী চেতনাৰে উদ্বুদ্ধ ব্যক্তি আছিল মুহিৰাম শইকীয়া ৷ তেওঁৰ দৰ্শন, ধৰ্মতাত্বিক দিশ বহু উচ্চ আছিল ৷ তেওঁৰ সান্নিধ্য কেতিয়াও পাহৰিব নোৱাৰো বুলি উল্লেখ কৰে ৷ লগতে কয়- মুহিৰাম শইকীয়া ডাঙৰ মানুহ নাছিল ৷ তেখেত ভাল মানুহ আছিল ৷ ভাল মানুহ আছিল কাৰণে তেখেতক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ ৷

আনহাতে সংগ্ৰামী নেত্ৰী ৰেখা শৰ্মাই কয় যে, মানুহে মানুহক কেনেকৈ ভাল পাব লাগে তাক শিকোৱা এজন ব্যক্তি আছিল মুহিৰাম শইকীয়া ৷ তেখেত আছিল ত্যাগৰ প্ৰতীক ৷ যি সময়ত পিতৃ-মাতৃক পুত্ৰই বৃদ্ধাশ্ৰমত ৰাখিবলৈ লৈছে সেই সময়ত সঞ্জীৱ শইকীয়াই পিতৃৰ স্মৃতিত তোৰণ নিৰ্মান কৰি সু-পুত্ৰৰ পৰিচয় দাঙি ধৰিছে ৷

সভাত প্ৰাক্তন মন্ত্ৰী তথা শিক্ষাবিদ গিৰিন্দ্ৰ কুমাৰ বৰুৱাই কয় যে, অখ্যাত আৰু প্ৰখ্যাত মিলি ইতিহাস হয় ৷ মুহিৰাম শইকীয়া পঢ়াৰ লগতে জাতি ৰক্ষাৰ বাবে শিক্ষা দিছিল৷

অসমীয়া প্ৰতিদিন কাকতৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই প্ৰসঙ্গ ক্ৰমে কয় যে, কেন্দ্ৰীয় মন্ত্ৰী হৈ থকাৰ সময়ত নবোদয় বিদ্যালয় স্থাপনৰ বাবে যুগান্তকাৰী পদক্ষেপ গ্ৰহন কৰিছিল ৷ বিনামূলীয়া তেজদানৰে প্ৰাণ দান কৰাৰ অসমৰ ভিতৰত প্ৰথম পদক্ষেপত জৰিত হৈছিল মহাবিদ্যালয়ৰ অধ্যক্ষ হৈ থকাৰ সময়ত ৷

নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই কয় যে, প্ৰয়াত মুহিৰাম শইকীয়াই শৈক্ষিক আৰু ৰাজনৈতিক দিশ দুয়োটা সমানে আগবঢ়াই নিছিল ৷ তেখেতক লৈ আমি গৌৰাম্বিত ৷ সভাত সঞ্জীৱ শইকীয়া,গুৰমাইল সিঙ, শৰৎ কুমাৰ দত্ত আদিয়ে বক্তব্য আগবঢ়ায় ৷

নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ মুহিৰাম শইকীয়াৰ স্মৃতিত তোৰণ আৰু গ্ৰন্থ উন্মোচন
চিলাপথাৰত অৱসৰপ্ৰাপ্ত শিক্ষক-কৰ্মচাৰী সংস্থাৰ নৱম বাৰ্ষিক ৰাজ্যিক অধিৱেশন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in