বেকাজান গাঁও পঞ্চায়তক গোলাঘাটত চামিলকৰণ, প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহিল জনতা

বেকাজান গাঁও পঞ্চায়তক গোলাঘাটত চামিলকৰণক লৈ বৰহোলাত ব্যাপক গণ প্ৰতিবাদ।

author-image
Asomiya Pratidin
New Update
বেকাজান গাঁও পঞ্চায়তক গোলাঘাটত চামিলকৰণ, প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহিল জনতা

ডিজিটেল সংবাদ, বেকাজানঃ বেকাজান গাঁও পঞ্চায়তক গোলাঘাটত চামিলকৰণক লৈ বৰহোলাত ব্যাপক গণ প্ৰতিবাদ। তিতাবৰ মহকুমাৰ বেকাজান গাঁও পঞ্চায়তক গোলাঘাট জিলাক চামিলকৰণক লৈ প্ৰতিবাদী জনতাৰ ধাৰাবাহিক আন্দোলন অব্যাহত আছে।

Advertisment

বৰহোলা বাগান খেলপথাৰত অগণন ৰাইজ সমবেত হৈ চৰকাৰৰ গণবিৰোধী সিদ্ধান্তক প্ৰতিবাদ জনায়। সমবেত জনতাই বৰহোলাৰ ৰাজপথত ব্যাপক প্ৰতিবাদী সমদল উলিয়াই বিজেপি মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা হায় হায় ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে।

আৰক্ষীৰ নিৰাপত্তা বেষ্টনীয়েও প্ৰতিবাদকাৰী সকলক ক্ষান্ত কৰিব নোৱাৰাত অৱশেষত প্ৰতিবাদস্থলীত উপস্থিত হয় তিতাবৰ মহকুমাৰ এগৰাকী কাৰ্যবাহী দণ্ডাধীশ। জনতাৰ গণতান্ত্ৰিক প্ৰতিবাদ যদি শুনিবলৈ ইচ্ছা নকৰে অহা ২৬ জানুৱাৰী গণতন্ত্ৰ দিৱসৰ দিনা জংগী আন্দোলন কৰাৰো হুংকাৰ দিছে। চৰকাৰে নিজৰ সিদ্ধাান্ত সলনি নকৰা পৰ্যন্ত ৰাইজৰ প্ৰতিবাদ অব্যাহত থাকিব বুলি হুংকাৰ দিছে।

আৰু পঢ়ক: ডাংধৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গৌৰৱোজ্জ্বল সোণালী জয়ন্তী উদযাপনৰ প্ৰস্তুতি

assam bekajan