সন্ধানহীন ৰঙামাটি চাহ বাগিচাৰ দিন হাজিৰা কৰা জগন্নাথ ৰবি দাস

কোনো লোকে যদি নিৰুদ্দেশ হৈ থকা জগন্নাথ ৰবি দাসৰ বিষয়ে কিবা সন্ধান পাই তেন্তে দেৰগাঁও আৰক্ষী থানা নাইবা পৰিয়ালৰ ৬০০৩৯৪০৭০৪ নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ অনুৰোধ
সন্ধানহীন ৰঙামাটি চাহ বাগিচাৰ দিন হাজিৰা কৰা জগন্নাথ ৰবি দাস

ডিজিটেল সংবাদ,দেৰগাঁও : কৰ্মস্থলীলৈ বুলি ওলাই যোৱা দেৰগাঁও আৰক্ষী থানাৰ অন্তৰ্ভুক্ত ৰঙামাটি চাহ বাগিচাৰ এজন ব্যক্তি নিৰুদ্দেশ হৈ থকাত পৰিয়ালৰ লোকে গভীৰ উৎকন্ঠাৰে সময় অতিবাহিত কৰিবলগীয়া হৈছে। পৰিয়ালটোৰ এনে অৱস্থা দেখি অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

জানিব পৰা মতে যোৱা ২৩ জুলাইত ৰঙামাটিস্থিত পকী খুঁটা বনোৱা ফেক্টৰিত কাম কৰিবলৈ পুৱাই ওলাই যোৱা জগন্নাথ ৰবিদাস ওৰফে ৰঞ্চিত নামৰ ৩২ বছৰীয়া লোক জন আজি পৰ্যন্ত ঘৰলৈ ঘূৰি অহা নাই । ইতিমধ্যে পৰিয়ালৰ লোক তথা আত্মীয়ৰ লগতে বিভিন্ন স্থানত ৰঞ্চিতৰ অনুসন্ধান কৰিছেষ

অৱশ্যে অদ্যপি কোনো শুংসূত্ৰ লাভ নকৰাত পত্নীৰ লগতে পৰিয়ালৰ লোকৰ মাজত হাহাকাৰ লাগিছে। সমগ্ৰ ঘটনাকলৈ ইতিমধ্যে পৰিয়ালৰ লোকে দেৰগাঁও আৰক্ষী থানাত এখন এজাহাৰ দাখি কৰিছে ।

পৰিয়ালৰ লোকৰ সদাশয় ৰাইজৰ প্ৰতি অনুৰোধ- কোনো লোকে যদি নিৰুদ্দেশ হৈ থকা জগন্নাথ ৰবি দাসৰ বিষয়ে কিবা সন্ধান পাই তেন্তে দেৰগাঁও আৰক্ষী থানা নাইবা পৰিয়ালৰ ৬০০৩৯৪০৭০৪ নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ অনুৰোধ জনাইছে।

অন্যহাতে এই সহজ-সৰল ব্যক্তিগৰাকী কি পৰিস্থিতিত পৰি নিৰুদ্দেশ হ'ব লগা হ'ল, ইয়াকেলৈ সমগ্ৰ ঘটনাৰ এক উচিত তদন্ত কৰিবলৈ ৰঙামাটি বাগিচা সংঘ আৰু আটছা দেৰগাঁও শাখাই প্ৰশাসনৰ ওচৰত দাবী জনায় ।

সন্ধানহীন ৰঙামাটি চাহ বাগিচাৰ দিন হাজিৰা কৰা জগন্নাথ ৰবি দাস
শ্ৰীমন্ত শংকৰদেৱ সংঘ কামপুৰ জিলা শাখাৰ উদ্যোগত আয়োজিত কৰ্মশালাৰ সামৰণি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in