/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-23/l5gn0vt1/138.jpg)
ডিজিটেল সংবাদ, লংকা : বিগত ২০ ছেপ্তেম্বৰত লংকা নখুটী জানজুৰ পৰা জাকিৰ হুছেইনৰ ২ বছৰীয়া পুত্ৰ সন্তান জাহিত হুছেইন নিৰুদ্দেশ হৈ আছিল। এই বাতৰি প্ৰতিদিন টাইমত সম্প্ৰচাৰ হোৱাৰ পাছতেই শিশুটিক উদ্ধাৰৰ বাবে হোজাই আৰক্ষী তৎপৰ হৈ পৰে।
ইয়াৰ পাছতে শিশুটিক বিচাৰি তীব্ৰ অভিযান চলাই আৰক্ষীয়ে। আৰক্ষী, গাঁওৰক্ষী বাহিনী আৰু স্থানীয় ৰাইজৰ তৎপৰাত সোমবাৰে পুৱা শিশুটিক ৰাস্তাৰ কাষতে অক্ষত অৱস্থাত উদ্ধাৰ কৰে।
ইফালে শিশুটি নিৰুদ্দেশ হোৱাৰ পাছতে প্ৰতিদিন টাইমে বাতৰি সম্প্ৰচাৰ কৰি শিশুটি উদ্ধাৰ কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰাত সংবাদ গোষ্ঠীটোক ধন্যবাদ জ্ঞাপন কৰে স্থানীয় ৰাইজে।
Also Read: যোৰহাট আৰু গোলাঘাট জিলাৰ বাগিচা কৰ্তৃপক্ষৰ সৈতে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ বৈঠক