/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-23/r23ggmkp/d608d334-7cc3-4136-a7f4-7422c51c0b41.jpg)
ডিজিটেল ডেস্ক : মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সোমবাৰে শিৱসাগৰৰ যুৱ দ'লত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ চাহ বাগিচাসমূহৰ স্বত্বাধিকাৰী, পৰিচালনা কর্তৃপক্ষৰ সৈতে এখন বৈঠকত মিলিত হয়। ইয়াৰ পিছত একেদিনাই মন্ত্ৰীগৰাকীয়ে যোৰহাটতো বাগিচা কৰ্তৃপক্ষৰ সৈতে আন এখন বৈঠকত ভাগ লয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-23/suxbf88i/57c11d75-e0d3-4961-9808-0b485b85881a.jpg)
যোৰহাটৰ কাজিৰঙা বিশ্ববিদ্যালয় প্রেক্ষাগৃহত অনুষ্ঠিত সভাখনত যোৰহাট আৰু গোলাঘাট জিলাৰ চাহ বাগিচাসমূহৰ স্বত্বাধিকাৰী, পৰিচালনা কর্তৃপক্ষৰ লগতে অন্যান্য সংশ্লিষ্ট পক্ষৰ ব্যক্তিসকল উপস্থিত থাকে। বৈঠকত মন্ত্ৰীগৰাকীয়ে জিলা দুখনৰ চাহ বাগান এলেকাত স্বচ্ছ ভাৰত অভিযান (গ্রাম্য) আৰু জলজীৱন মিছনৰ আঁচনিসমূহৰ ৰূপায়ণ সন্দৰ্ভতো আলোচনা কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-23/k0hhnh51/529774d6-2110-4116-8af8-40732025ab32.jpg)
মন্ত্ৰীগৰাকীয়ে বৈঠকত আঁচনিৰ সঞ্চালন আৰু ব্যৱস্থাপনা (O&M)-ৰ বাবে বুজাবুজিৰ চুক্তি চূড়ান্ত কৰাৰ লগতে শৌচালয় নিৰ্মাণৰ বাবে পুঁজিৰ আবণ্টন তথা বাগিচা কর্তৃপক্ষৰ সহযোগত মোবাইল টয়লেট আৰু বনুৱাসকলৰ ঘৰৰ বাবে শৌচালয় (IHHL)-ৰ ব্যৱস্থা কৰি দুয়োটা আঁচনিৰ ১০০ শতাংশ ৰূপায়ণৰ বাবে প্রতিশ্রুতি প্রদান কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-23/ryq98f6m/544888ee-dedc-41b4-9220-b51018c01b64.jpg)
Also Read: চড়াবড়ী কালী মন্দিৰৰ মাটি বেদখলক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত বাক্- বিতণ্ডা