জামুগুৰিহাটত কাঠফুলাৰ খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন যুৱকৰ

জামুগুৰিহাটত কাঠফুলাৰ খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন যুৱকৰ

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ কৰ্মসংস্থাপনৰ অভাৱত ঘৰত বহি থকাতকৈ কিবা এটা কৰা কৰাৰ মানসেৰে আগবাঢ়িল এজন শিক্ষিত নিৱনুৱা যুৱক৷ জামুগুৰিহাটৰ আগ্ৰিপাম গাঁও নিবাসী এজন শিক্ষিত নিৱনুৱা যুৱক জিতুমনি চহৰীয়াই প্ৰয়োজনীয় মাটিৰ অভাৱত কৃষিকৰ্মৰ পৰাও বঞ্চিত হৈ থাকি অৱশেষত নিজ বাৰীৰ ভিতৰতে আৰম্ভ কৰে কাঠফুলা তথা মাচৰুমৰ খেতি৷

প্ৰায় ৬মাহপূৰ্বে আৰম্ভ কৰা এই খেতিৰ বাবে তেঁওৰ খৰচ হৈছিল মাত্ৰ দহ হেজাৰ টকা৷ বৰ্তমানলৈকে উৎপাদিত ২০০ কেজিৰো অধিক কাঠফুলাৰ প্ৰতি কেজি ২০০ টকা দৰত বিক্ৰী কৰি উপাৰ্জন কৰিছে প্ৰায় ৫০হেজাৰ টকা৷ আগুন্তুক সময়ত এই কাঠফুলাৰ খেতিৰ জৰিয়তে তেঁও আৰু অধিক লাভৱান হোৱাৰ আশা প্ৰকাশ কৰিছে৷

কাঠফুলাৰ খেতিৰে স্বাৱলম্বী হোৱা যুৱক জিতুমনি চহৰীয়া বৰ্তমান সময়ত আন নিৱনুৱাৰ বাবেও আদৰ্শ হৈ পৰিছে৷ যুৱকজনৰ মতে বৰ্তমান বজাৰত যথেষ্ট চাহিদা থকা এই কাঠফুলা তথা মাচৰুম ঔষধিগুণযুক্ত হোৱাৰ পৰিপেক্ষিততে বিভিন্ন ৰোগাক্ৰান্ত লোকে নিয়মিত খাদ্য হিচাপে ব্যৱহাৰ কৰা দেখা যায়৷

জামুগুৰিহাটত কাঠফুলাৰ খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন যুৱকৰ
আজি বিশ্ব স্বাস্থ্য দিৱস...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in