নিৰ্মীয়মান বটদ্ৰৱা প্ৰকল্পত বিদ্যুৎ স্পৃষ্ট হৈ শ্ৰমিকৰ মৃত্যু...

নিৰ্মীয়মান বটদ্ৰৱা প্ৰকল্পত বিদ্যুৎ স্পৃষ্ট হৈ শ্ৰমিকৰ মৃত্যু...

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নিৰ্মীয়মান বটদ্ৰৱা প্ৰকল্পত অঘটন। বিদ্যুৎ স্পৃষ্ট হৈ এজন শ্ৰমিকৰ মৃত্যু। বুধবাৰে সংঘটিত হয় এই ঘটনা।

মৃত শ্ৰমিক জন কোকৰাঝাৰ জিলাৰ শ্বাবু কালাম(২৫) বুলি জানিব পৰা গৈছে। বিগত দুমাহ ধৰি বটদ্ৰৱা প্ৰকল্পত কৰ্মৰত হৈ আছিল শ্ৰমিকজন।

আজি শ্ৰমিকজনে প্ৰকল্পত কাম কৰি থকা অৱস্থাত বিদ্যুৎ স্পৃষ্ট হোৱাত লগে লগে বটদ্ৰৱা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে যদিওঁ চিকিৎসকে মৃত বুলি ঘোষণা কৰে। উল্লেখ্য যে প্ৰকল্পত অভিযন্তা, বিষয়া কৰ্মচাৰীয়ে ভৰ্তি হৈ আছে যদিও শ্ৰমিকজন কেনেকৈ বিদ্যুৎ স্পৃষ্ট হ'ল তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে।

নিৰ্মীয়মান বটদ্ৰৱা প্ৰকল্পত বিদ্যুৎ স্পৃষ্ট হৈ শ্ৰমিকৰ মৃত্যু...
নেতাৰ ভয়, কিজানি সমষ্টি নৰয় !

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in