তিনি মিচিং জাতিয় সংগঠনৰ জিলা অধিৱেশনৰ প্ৰস্তুতি

মিচিং জনগোষ্ঠীৰ জাতিয় সংগঠনৰ অন্যতম তিনি প্ৰধান সংগ্ৰামী সংগঠন টাকাম মিচিং পৰিন কৌবাং ,মিচিং মিমাগ কৌবাং আৰু টাকাম মিচিং মিমে কৌবাংৰ ঢকুৱাখনা জিলা সমিতি সমূহৰ ত্ৰিবাৰ্ষিক অধিবেশন ২৪ আৰু ২৫ ডিচেম্বৰত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

author-image
Asomiya Pratidin
New Update
তিনি মিচিং জাতিয় সংগঠনৰ জিলা অধিৱেশনৰ প্ৰস্তুতি

ডিজিটেল সংবাদ, ঢকুৱাখনা: মিচিং জনগোষ্ঠীৰ জাতিয় সংগঠনৰ ত্ৰিবাৰ্ষিক অধিৱেশন  ২৪ আৰু ২৫  ডিচেম্বৰত  অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।অন্যতম তিনি  প্ৰধান সংগ্ৰামী সংগঠন টাকাম মিচিং পৰিন কৌবাং ,মিচিং মিমাগ কৌবাং আৰু টাকাম মিচিং মিমে কৌবাংৰ ঢকুৱাখনা জিলা সমিতি সমূহৰ ত্ৰি বাৰ্ষিক অধিৱেশনৰ বাবে  তিনিওটা জাতিয় সংগঠনৰ যৌথ উদ্যোগত দেওবাৰে অভ্যৰ্থনা সমিতি গঠন কৰা হয়।

Advertisment

প্ৰবীণ নাগৰিক , খেৰকটামুখ কনেং হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তৰুণ কুটুমৰ সভাপতিত্বত  অভ্যৰ্থনা সমিতি গঠনৰ উদ্দেশ্যে অনুষ্ঠিত ৰাজহুৱা সভাত উদ্দেশ্যে ব্যাখ্যা কৰে টাকাম মিচিং পৰিন কৌবাংৰ কেন্দ্ৰীয় সমিতিৰ সদস্য ক্ষীৰোদ পেগুৱে । ৰাজহুৱা সভাত  সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ  সাংগঠনিক সম্পাদক যতীন পেগু উপস্থিত থাকি তিনি মিচিং জাতিয় সংগঠনৰ জিলা  অধিবেশনখন  যৌথ ভাবে অনুষ্ঠিত কৰাৰ স্বাৰ্থত এখন সক্ৰিয় আৰু শক্তিশালী অভ্যৰ্থনা সমিতিৰ গঠন কৰিবলৈ পৰামৰ্শমূলক বক্তব্য আগবঢ়ায় ।

সভাত  মিচিং মিমাগ কৌবাংৰ কেন্দ্ৰীয়  সদস্য নাথুৰাম পেগু, প্ৰবীণ  শিক্ষবিদ ভদ্ৰ কান্ত দলে, টাকাম মিচিং মিমে কৌবাংৰ কেন্দ্ৰীয় সমিতিৰ সদস্য সৰলা পেগু , শিক্ষাবিদ দিনলিপি পামেগাম ,  বিশিষ্ট নাগৰিক ৰাজীৱ দলে,   জাতিয় সংগঠনৰ নেতা ক্ৰমে  ৰাজীৱ  দলে ,দীপাঞ্জল দলে , মলেশ দলে ,খনিন্দ্ৰ মেদক , বৃগেন দলে, দ্বিপেন দলে , ভুপেন দলে, মোহন পেগুৰ লগতে গৰিষ্ঠ সংখ্যক নেতৃবৰ্গ উপস্থিত থাকি  জিলা সমিতিৰ অধিবেশনখন সু পৰিকল্পিত আৰু শৃংখলাবদ্ধ ভাবে অনুষ্ঠিত কৰাৰ বাবে বিভিন্ন দিশ সামৰি পৰামৰ্শ মূলক বক্তব্য আগবঢ়াই।

জনাকীৰ্ণ ৰাজহুৱা সভাতেই  অৱসৰ প্ৰাপ্ত শিক্ষাবিদ ভদ্ৰ কুমাৰ দলেক সভাপতি ,লক্ষ্য নাথ দলেক কাৰ্যকৰী সভাপতি, ৰাজীৱ পেগু ,জয় নাথ দলে ,কাৰ্ক দলে ,তাৰানাথ পেগুক উপ সভাপতি, ক্ষীৰোদ পেগুক মুখ্য সম্পাদক , নাথু ৰাম পেগুক সম্পাদক, ঘন কুলি , ৰজনী কান্ত পেগু, নব কুমাৰ দলে ,নৱ কুটুম, মুহিধৰ পেগু,পদ্ম নাথ কুটুম, ৰিংকু মণি পেগু ,পূৰ্ণিমা পেগুক সহকাৰী সম্পাদক , অমিয় পেগু আৰু শ্যাম পাতিৰক সাংস্কৃতিক সম্পাদক হিচাবে লৈ সৰ্বসন্মত ভাবে এখন ১৫০ জনীয়া অভ্যৰ্থনা সমিতি গঠন কৰা হয়।

দহ লক্ষাধিক বাজেটেৰে  অহা ২৪ আৰু ২৫ ডিচেম্বৰত অনুষ্ঠিতব্য এই তিনি  মিচিং জাতিয় সংগঠনৰ জিলা  অধিবেশন উপলক্ষত এখন স্মৃতি গ্ৰন্থ প্ৰকাশৰো সিদ্ধান্ত গ্ৰহণ কৰা হয় । সভাত  "জেলাম" শীৰ্ষক স্মৃতি গ্ৰন্থখনৰ সম্পাদনাৰ দায়িত্ব জিলা সমিতিৰ সাহিত্য সম্পাদক ভদ্ৰ কান্ত টাইডক অৰ্পণ কৰি সভাই এখন সম্পাদনা সমিতি গঠন কৰি দিছে ।

আৰু পঢ়ক: বিজেপিৰ ব্লু প্ৰিন্টৰ আগত তিষ্টি থাকিব পাৰিবনে কংগ্ৰেছ ?

assam dhakuakhana