/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/prafdiopjkl.jpg)
প্ৰদীপ সাহা
ডিজিটেল সংবাদ, ধুবুৰী: ধুবুৰীৰ জ্যেষ্ঠ সাংবাদিক প্ৰদীপ সাহাক ৩০জুনত নিজ বাসভৱনত নিশা প্ৰায় ৯.৩০ বজাত দূষ্কৃতিকাৰীয়ে চোকা অস্ত্ৰৰে প্ৰাণ নাশ কৰাৰ ভাবুকি প্ৰদান কৰাৰ লগতে ঘৰৰ মুখ্য দুৱাৰ ভাঙি ভিতৰত অনাধিকাৰ প্ৰৱেশৰ চেষ্টা কৰে যদিও স্থানীয় লোকৰ উপস্থিতিত দূষ্কৃতিকাৰী সকলে ঘটনাস্থলীৰ পৰা পলায়ন কৰে।
সাংবাদিকৰ লগতে তেওঁৰ পত্নী আৰু এবছৰীয়া কন্যা শিশুক জীৱন নাশৰ ভাবুকি প্ৰদান কৰাৰ লগতে অকথ্য ভাষাৰে গালি গালাজ কৰে আৰু নিশাৰ এন্ধাৰৰ সুযোগ লৈ দূষ্কৃতিকাৰীৰ দলটোৱে এনে ঘটনা সুপৰিকল্পিতভাৱে সংঘটিত কৰাৰ পৰিকল্পনা কৰে বুলি সাংবাদিক গৰাকীয়ে জনায়।
সাংবাদিক গৰাকীয়ে যোৱা প্ৰায় দুই দশক ধৰি জিলাখনত দিন ৰাতি নিৰপেক্ষ তথা সত্য নিষ্ঠাৰৰে সংবাদ সেৱাৰ সৈতে জড়িত আছে।নিৰপেক্ষ, সত্য নিষ্ঠাৰৰে সংবাদ পৰিবেশন কৰি থকাৰ বাৰে তেঁও জিলাখনত যথেষ্ঠ সমাদৰ লাভ কৰি আহিছে।প্ৰদীপ সাহাই ইতিমধ্যে স্থানীয় আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰে।
ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্জিৎ কুমাৰ দাসে তৎকালীনভাবে ঘটনা সন্দৰ্ভত তদন্ত কৰাৰ বাবে নগৰ আৰক্ষীৰ উপ-পৰিদৰ্শক পদ্মপানী বৰাৰ নেতৃত্বত আৰক্ষীৰ এটা দল গঠন কৰে আৰু এই আৰক্ষীৰ দলটোৱে ঘটনাৰ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে বুলি জানিৱ পৰা গৈছে। ধুবুৰীৰ আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলীপে সাংবাদিক গৰাকীৰ লগত হোৱা এক বাৰ্তালাপত তেঁওৰ নিৰাপত্তাৰ প্ৰতি অভয়ৰ আশ্বাস প্ৰদান কৰে।
আৰু পঢ়ক: 'মন' আছে 'ধন' নাই…