কোকৰাঝাত উত্তেজনা, দাবী কৰা ধন নিদিয়াৰ বাবে ব্যৱসায়ীক আক্ৰমণ দুৰ্বৃত্তৰ…

কোকৰাঝাত উত্তেজনা, দাবী কৰা ধন নিদিয়াৰ বাবে ব্যৱসায়ীক আক্ৰমণ দুৰ্বৃত্তৰ…

author-image
asomiyapratidin
New Update
কোকৰাঝাত উত্তেজনা, দাবী কৰা ধন নিদিয়াৰ বাবে ব্যৱসায়ীক আক্ৰমণ দুৰ্বৃত্তৰ…

ডিজিটেল সংবাদস কোকৰাঝাৰ :- কোকৰাঝাৰ জিলাৰ ছালাকাটিত শুকুৰবাৰে সন্ধিয়া প্ৰায় ৮:৩০ মান বজাত অচিনাক্ত দুৰ্বৃত্তই ব্যৱসায়ী বিকাশ জৈনক(৩৫) পিষ্টলেৰে মূৰত আঘাত কৰি আহত কৰে । ব্যৱসায়ী বিকাশ জৈনে সদৰি কৰা মতে দোকানত থকাৰ সময়তে ছজনীয়া দুৰ্ষ্কৃতিকাৰীৰ দলে চাৰিটা পিষ্টল লৈ দোকানত প্ৰৱেশ কৰে আৰু ধনদাবী কৰে ।

Advertisment

ব্যৱসায়ীগৰাকীয়ে ধন নাই বুলি কোৱাত চাৰিটা পিষ্টলেৰ বাটেৰে( butt) ব্যৱসায়ীগৰাকীৰ মূৰত মাৰে । ইয়াৰোপৰি কৰ্মচাৰী কৃষ্ণ বৰ্মনকো আক্ৰমন কৰি আহত কৰে । দুৰ্ষ্কৃতিকাৰীৰ দলটোৱে কেচবক্সৰ পৰা টকা লুট কৰি নিয়াৰ সময়ত চিচি কেমেৰা বুলি টিভি এটা ভাঙি থৈ যায় । দুৰ্ষ্কৃতিকাৰীসকল মাস্ক আৰু হেলমেট পিন্ধা আছিল বুলি ব্যৱসায়ীগৰাকীয়ে সদৰি কৰিছে । তদুপৰি দুৰ্ষ্কৃতিকাৰীসকলে নিজকে কেএলঅ'ৰ বুলি চিনাক্ত দিয়ে । ঘটনাটোৱে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

ইতিমধ্যে ঘটনাস্থলীত জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰ , উপ আৰক্ষী অধীক্ষক পুনম পেগু সহিতে আৰক্ষীৰ এটা বিশাল দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ।

আৰু পঢ়ক:  ১ মিনিটত ২৫ খবৰ…

assam kokrajhar