১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১)গোলাঘাটৰ শালমৰা বাগিছাত জঘন্য ঘটনা। দুই পাষণ্ডৰ বলাৎকাৰৰ বলি হ'ল এগৰাকী কিশোৰী।

২)আজি বৈঠালাংছ'ৰ ১নং দুৱাৰ আমলা সমষ্টিত পুনৰ ভোটগ্রহণ হয়।৮ জুনত কেন্দ্র দুটাত ষ্টাম্প হেৰুৱাক লৈ সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ।

৩)অনিৰ্দিষ্টকালিন অসম বন্ধৰ হুংকাৰ নিষিদ্ধ ঘোষিত সংগঠন কে এল অ'ৰঃ মডেল নৱনীতা বৰ্মনক মুক্তীৰ দাবী।

৪)মন্ত্ৰী অশোক সিংহলৰ হাততেই আছে গুৱাহাটী উন্নয়ন বিভাগ। মন্ত্ৰী গৰাকীৰ পৰা গুৱাহাটী উন্নয়ন বিভাগৰ দায়িত্ব কৰ্তন কৰা বুলি যি প্ৰচাৰ চলিছে সেয়া শুদ্ধ নহয় বুলি এক প্ৰেবাৰ্তাৰ জৰিয়তে জনসংযোগ, অসমে প্ৰকাশ কৰিছে।

)টীয়কত মৃতদেহ উদ্ধাৰ।ঢেকীয়াখোৱা ৰাষ্ট্রীয় ঘাইপথত উদ্ধাৰ হৈছে মৃতদেহটো। জানিব পৰা হোৱা  নাই পৰিচয়।    

)টীয়কত মৃতদেহ উদ্ধাৰ।ঢেকীয়াখোৱা ৰাষ্ট্রীয় ঘাইপথত উদ্ধাৰ হৈছে মৃতদেহটো। জানিব পৰা হোৱা  নাই পৰিচয়।

৬)সোণাৰিৰ আইদেউবাৰী চাহ বাগিচাত হত্যাকাণ্ড।পিতৃৰ হাতত প্রাণ গ'ল পুত্রৰ। পুত্রক হত্যা কৰি টিয়ক নৈত পেলাই দিলে জগন্নাথ গোৱালাই।

৭)নগাঁও চহৰৰ শেনছোৱাত শুকুৰবাৰে এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ ট্ৰাকৰ চেপাত প্ৰাণ গ'ল এগৰাকী মহিলাৰ ৷ নিহত মহিলাগৰাকীৰ নাম অনুপমা শইকীয়া ৷ 

৮)কাইলৈ ১১ জুনত শোনিতপুৰত অনুষ্ঠিত হ'ব কেবিনেট বৈঠক।

৯)মানকাচৰত অপৰিবৰ্তিত বান পৰিস্থিতি।স্থান পৰিদৰ্শন  পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া এল আৰ লস্কৰ, মানকাচৰৰ বিধায়ক আমিনুল ইছলামৰ।

১০)আজি ৪ ৰাজ্যৰ ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল ঘোষণা। কৰ্ণাটকত ৩খনত বিজেপি, ১খন আসমত কংগ্ৰেছৰ জয়।

১১)অসম আৰক্ষীৰ কনিষ্টবল (AB)ৰ শাৰীৰিক পৰীক্ষাৰ ফলাফল ঘোষণা। চাব পাৰিব- www.slprbassam.com ত।

১২)কোৰোনামুক্ত হল কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী। ২৩ জুনত হাজিৰ হ'ব ইডিৰ সন্মুখত।

১৩)পশ্চিম বংগত উত্তপ্ত পৰিস্থিতি। হাওৰা জিলাত ১৩ জুনৰ পুৱা ৬ বজালৈকে ইন্টাৰনেট কৰ্তন।

১৪)ৰাজ্যসভা নিৰ্বাচনত ৰাজস্থানত কংগ্ৰেছৰ দখলত ৩ খন আৰু বিজেপিৰ দখলত এখন আসন।

১৫)ছিপাঝাৰত ১৫নং ৰাষ্ট্রীয় ঘাইপথত পুনৰ দুৰ্ঘটনা।নিয়ন্ত্রণ হেৰুৱাই খালত পৰিল ছুইফট ডিজায়াৰ।মাৰৈ-বিজুলীবাৰীত সংঘটিত এই দুৰ্ঘটনা। কথমপি প্ৰাণ ৰক্ষা ৩ স্কুলীয়া ছাত্ৰীৰ।

১৬)মৰিগাঁও আৰক্ষীৰ ড্রাগছ বিৰোধী অভিযান ।অভিযানত ড্ৰাগছসহ সৰবৰাহকাৰী মৰিগাঁও জিলাৰ বৰিগাঁৱৰ আমিনুল হক আটক।

১৭)তামুলপুৰৰ সৌৰাগুৰিত বিদ্যুৎস্পৃষ্ট হৈ এজন যুৱকৰ মৃত্যু। মৃত যুৱকজনৰ নাম নিজম বড়ো।

১৮)জনপ্রিয় কণ্ঠশিল্পী দীক্ষু শৰ্মা চিকিৎসালয়ত ভৰ্তি। জ্বৰ, পেটৰ বিষ, বমিত আক্রান্ত শিল্পী গৰাকী।

বৃহস্পতিবাৰে হেলথ চিটি চিকিৎসালয়ত ভৰ্তি হৈছিল শিল্পীগৰাকী।

১৯)সামাজিক ন্যায় আৰু সৱলীকৰণৰ সঞ্চালক নিযুক্তি। ACS বিষয়া কিশোৰ ঠাকুৰীয়াক সঞ্চালক হিচাপে নিযুক্তি।

২০)কোকৰাঝাৰ ছালাকাটিত উত্তেজনা । কেএলঅ'ৰ নাম কৈ ব্যৱসায়ীক আক্ৰমন । ছজনীয়া দল আক্ৰমন কৰে ব্যৱসায়ী বিকাশ জৈনক (৩৫)।

২১)স্বাস্থ্য মন্ত্ৰী তথা কলিয়াবৰৰ বিধায়ক  কেশৱ মহন্ত  ভাতৃ তথা  সমাজ কৰ্মী   ৰাতুল মহন্তৰ শুক্ৰবাৰে পুৱা ৮-৩০ বজাত তেজপুৰৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত পৰলোকপ্ৰাপ্তি ঘটে ৷

২২)মিৰ্জা চ'কত প্রশাসনৰ উচ্ছেদ অভিযান।পদপথত থকা সকলো দোকান উচ্ছেদ প্রশাসনৰ।মিৰ্জা চ'কৰ সৌন্দৰ্য আৰু যান-জঁটৰ বাবে এই উচ্ছেদ কাৰ্য।

২৩)মাওবাদী নেতা সব্যসাচী গোস্বামীক Most Wanted ঘোষণা।সব্যসাচীৰ সন্ধান দিওতালৈ ১০ লাখ টকা ঘোষণা NIAৰ।

২৪)মন্ত্ৰী হিচাপে শপত গ্ৰহণৰ পিছত আজি প্ৰথমবাৰৰ বাবে কাৰ্যালয়ত উপস্থিত হৈ দায়িত্বভাৰ গ্ৰহণ কৰে জয়ন্ত মল্ল বৰুৱাই। জনতা ভৱনত থকা কাৰ্যালয়ত উপস্থিত হৈয়েই মন্ত্ৰীগৰাকীয়ে ইষ্টদেৱতাক সেৱা জনাই প্ৰতিটো ক্ষণতে ৰাজ্যবাসীৰ উন্নয়নৰ হৈ কাম কৰাৰ সংকল্প গ্ৰহণ কৰে।

২৫)বাকী খাই বাকী নিদিয়াৰ  বাবেই ৰাজহুৱাকৈ মাৰধৰ মৰিগাঁৱৰ এজন যুৱকক। মৰিগাঁওত এজন যুৱকক গুৰুলা গুৰুলকৈ প্ৰহাৰ। এখন গেলামাল দোকানত বাকী খাইছিল ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in