ডিজিটেল সংবাদ,গহপুৰঃ গহপুৰৰ ৰাঙলীয়ালত সংঘটিত হৈছে নাবালিকা অপহৰণৰ ঘটনা। তথ্য অনুসৰি, এগৰাকী নৱম শ্ৰেণীৰ ১৬ বছৰীয়া ছাত্ৰীক এখন বলেৰ' বাহনেৰে ৩ দুৰ্বৃত্তই অপহৰণ কৰিছিল। নিজ গৃহৰ পৰা বিদ্যালয়লৈ গৈ থকা অৱস্থাতে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা AS 12 AB 8444 নম্বৰৰ বলেৰ' বাহনত উঠি অহা ৩ দুৰ্বৃত্তই অপহৰণ কৰিছিল ছাত্ৰী গৰাকীক।
প্ৰত্যক্ষদৰ্শীয়ে ঘটনা সন্দৰ্ভত গাঁও প্ৰধানৰ সহযোগত হেলেম আৰক্ষীক খবৰ দিয়ে। লগে লগে হেলেম আৰক্ষীয়ে অভিযান চলাই বাহন সহ ৩ যুৱকক আটক কৰিবলৈ সক্ষম হয়। যুৱক ৩জন ক্ৰমে বিহালীৰ টেলেঙ্গনীয়াৰ ৰূপজ্যোতি দাস, সুনন্দ দাস আৰু মিন্টু দাস বুলি জানিব পৰা গৈছে।
ইয়াৰে ৰূপজ্যোতি দাস অপহৰণ কাণ্ডটোৰ মূল নায়ক। ইতিমধ্যে হেলেম আৰক্ষীয়ে ৩ অপহৰণকাৰীৰ বিৰুদ্ধে হেলেম থানাৰ গোচৰ নং 65/2024 আৰু ভাৰতীয় দণ্ডবিধি আইনৰ 65(2)/87/126(2) BNS ত গোচৰ ৰুজু কৰি তেওঁলোকক জেল হাজোতলৈ প্ৰেৰণ কৰিছে।