ডিজিটেল সংবাদ,ধেমাজীঃ এতিয়াও সংকটমুক্ত হোৱা নাই মৰিধলত দুৰ্ঘটনাত আহত হৈ চিকিৎসাধীন হোৱা ছাত্ৰী প্ৰিয়ংকা বৰুৱা। 515 নং ৰাষ্ট্ৰীয় ঘাইপথৰ মৰিধলত মঙলবাৰে সংঘটিত এক গুৰুতৰ দুৰ্ঘটনাত আহত হৈছিল ছাত্ৰীগৰাকী।
চিৰিপানি বামকাঁমচি গাঁও নিবাসী ভদ্ৰাম বৰুৱাৰ একমাত্ৰ কন্যা তথা মৰিধল কলেজৰ স্নাতক মহলাৰ ছাত্ৰী প্ৰিয়ংকাই স্কুতিৰে কলেজলৈ গৈ থকা অৱস্থাতে কলেজৰ সন্মুখতে দুৰ্ঘটনাত পতিত হৈছিল।
দুৰ্ঘটনাত মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ছাত্ৰী গৰাকীক বৰ্তমান ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। ইতিমধ্যে প্ৰিয়ংকাৰ মগজুৰ জটিল অস্ত্ৰোপ্ৰচাৰ সম্পন্ন কৰা হৈছে।
ইপিনে আৰ্থিকভাৱে তেনেই জুৰুলা ছাত্ৰী গৰাকীৰ পৰিয়ালে বহন কৰিব পৰা নাই ব্যয়বহুল জটিল চিকিৎসাৰ খৰচ। তেনে সময়তে পৰিয়ালটোৰ এই দুৰ্দিনত আগবাঢ়ি আহিছে চিচিবৰ গাঁৱৰ বিশিষ্ট সমাজ কৰ্মী নন্দীগিৰি ভূঞা।
ভূঞাই নন্দীগিৰি ভূঞা সমাজ কল্যাণ গোটৰ সদস্য সকলৰ সৈতে বুধবাৰে ছাত্ৰী গৰাকীৰ পৰিয়ালবৰ্গক সাক্ষাৎ কৰি আগবঢ়ালে কিছু অৰ্থ সাহাৰ্য। আহতৰ শীঘ্ৰে আৰোগ্য কামনা কৰাৰ লগতে ৰাইজকো অৰ্থ সাহাৰ্য আগবঢ়োৱাৰ আহ্বান জনাই জনদৰদী সমাজকৰ্মী গৰাকীয়ে।কোনো সদাশয় লোকে ছাত্ৰী গৰাকীক সাহাৰ্য আগবঢ়োৱা ইচ্ছা থাকিলে 6001608678 নম্বৰটোত যোগাযোগৰ আহ্বান পৰিয়ালৰ।