প্ৰলোভন দি কিশোৰীক বলাৎকাৰ নীৰেন মুছাহাৰীৰ...

কোকৰাঝাৰ জিলাৰ কাৰিগাঁৱত এগৰাকী ১১ বছৰীয়া কিশোৰীক বলাৎকাৰ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
প্ৰলোভন দি কিশোৰীক বলাৎকাৰ নীৰেন মুছাহাৰীৰ...

ডিজিটেল সংবাদ, কোকৰাঝাৰ:- কোকৰাঝাৰ জিলাৰ কাৰিগাঁৱত এগৰাকী ১১ বছৰীয়া কিশোৰীক বলাৎকাৰ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। কিশোৰীগৰাকী বিশমুৰীৰ বাশবাৰী গাঁৱৰ নীৰেন মুছাহাৰী নামৰ পাষণ্ড বলাৎকাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে।

প্ৰাপ্ত বাতৰি অনুসৰি কাৰিগাঁও উপ আৰক্ষী চকীৰ অন্তৰ্গত এখন গাঁৱত যোৱা ৬ মাৰ্চতে উক্ত অপকাণ্ড সংঘটিত হয়। যোৱা ৬ মাৰ্চৰ বিয়লি তিনি কিশোৰীয়ে নিজ ঘৰৰ কাষতে থকা কৃষিপামত বগৰী খাবলৈ গৈছিল ৷ উক্ত কৃষিপামত কাম কৰা নীৰেন মুছাহাৰীয়ে শাক পাছলি দিয়াৰ প্ৰলোভন দি কিশোৰী কেইজনীক কৃষিপামৰ ভিতৰলৈ মাতি নিয়ে।

ইয়াৰে পিছত নীৰেন মুছাহাৰীয়ে ১১ বছৰীয়া কিশোৰীগৰাকী কৌশলেৰে কৃষিপামৰ নিৰ্জন স্থানলৈ নি বলাৎকাৰ কৰে ৷ উক্ত অপকৰ্মৰ বিষয়ে আন কাৰোবাক অৱগত কৰিলে প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰাত কিশোৰীগৰাকী মৌন হৈ থাকে যদিও শাৰীৰিকভাৱে অসুস্থ হৈ পৰাত পৰিয়ালৰ লোকে কিশোৰী গৰাকীক চিকিৎসা কৰায় । তেতিয়াই সমগ্ৰ ঘটনা পোহৰলৈ আহে আৰু পৰিয়ালৰ লোকে গঞা ৰাইজক অবগত কৰে।

গঞা ৰাইজে পাষণ্ড যুৱক নীৰেন মুছাহাৰীক কৰায়ত্ত কৰি কাৰিগাঁও উপ আৰক্ষী চকীত চমজাই দিয়ে ৷ ঘটনা সন্দৰ্ভত পৰিয়ালৰ তৰফৰ পৰা ইতিমধ্যে কোকৰাঝাৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছে আৰু এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে কোকৰাঝাৰ সদৰ থানাত ভাৰতীয় দণ্ডবিধি আইনৰ আইনৰ ধাৰা 376 AB/ 506 IPC আৰু Sec 6 of POCSO Actৰ অধীনত এক গোচৰ ( নং ১০০/২৩) ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ৷

আৰক্ষীয়ে অভিযুক্ত নীৰেন মুছাহাৰীক আদালতত হাজিৰ কৰোৱাত আদালতে তিনিদিনৰ বাবে নীৰেন মুছাহাৰীক আৰক্ষীৰ জিন্মালৈ প্ৰেৰণ কৰে। ইপিনে ভুক্তভোগী কিশোৰীগৰাকীৰ পৰিয়ালে বলাৎকাৰী নীৰেন মুছাহাৰীৰ ফাঁচিৰ দাবী উত্থাপন কৰিছে ।

প্ৰলোভন দি কিশোৰীক বলাৎকাৰ নীৰেন মুছাহাৰীৰ...
নগাঁৱত ট্ৰাক সহ ৫৪ টা পশুধন জব্দ,ধৃত সৰবৰাহকাৰী আটক

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in