কিহৰ বাবে প্ৰেমিক-প্ৰেমিকাই বাছি ল'লে চৰম সিদ্ধান্ত? উদ্ধাৰ দুয়োৰে মৃতদেহ

২০২৩ চনৰ আজি প্ৰথম দিনাই দক্ষিণ শালমাৰাৰ ধেনাৰকুটিত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা।

author-image
Asomiya Pratidin
New Update
কিহৰ বাবে প্ৰেমিক-প্ৰেমিকাই বাছি ল'লে চৰম সিদ্ধান্ত? উদ্ধাৰ দুয়োৰে মৃতদেহ

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ - ২০২৩ চনৰ আজি প্ৰথম দিনাই দক্ষিণ শালমাৰাৰ ধেনাৰকুটিত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। এহাল প্ৰেমিক কিশোৰ-কিশোৰী একেডাল ৰচীতে চিপ লৈ আত্মহত্যা কৰা ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Advertisment

ঘটনাৰ বিৱৰণি মতে, দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ দক্ষিণ শালমাৰা থানাৰ অধীনস্থ ধেনাৰকুটি গাঁৱৰ পথাৰৰ মাজত থকা এডাল গছত শনিবাৰে নিশা প্ৰায় ১২ মান বজাত এগৰাকী ১৫ বছৰীয়া কিশোৰ আৰু ১৬ বছৰীয়া কিশোৰী চিপ লোৱা অৱস্থাত উদ্ধাৰ হয়।

আত্মহত্যা কৰা কিশোৰ জনৰ ঘৰ ধেনাৰকুটি গাঁৱত আৰু কিশোৰী জনীৰ ঘৰ চুবুৰীয়া বৰ্কতপুৰ গাঁৱত বুলি জানিব পৰা গৈছে। নৱবৰ্ষৰ প্ৰাকখনত কালি সন্ধিয়াৰ পৰা দুয়ো নিখোজ হৈ আছিল। পৰিয়ালৰ লোকে নিশা সন্ধান বিচাৰি বিভিন্ন ঠাইত তালাচী কৰাত নিশা প্ৰায় ১২ বজাত দুয়ো গছত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হয়।

লগে লগে আৰক্ষীক খবৰ দিয়াত দক্ষিণ শালমাৰা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি থানালৈ লৈ আনে। জানিব পৰা মতে, দুয়োৰ মাজত দীৰ্ঘ দিনৰ পৰা প্ৰেমৰ সম্পৰ্ক আছিল। কিন্তু দুয়ো দুয়োৰ পৰিয়ালক প্ৰেমৰ সম্পৰ্কৰ কথা প্ৰকাশ কৰা নাছিল যদিও দুয়োৰ পৰিয়ালে অন্য লোকৰ পৰা বিষয়টো অৱগত আছিল।

কিন্তু কিয় দুয়ো এনেদৰে আত্মহত্যাৰ পথ বাছি ল'বলগীয়া হ'ল তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে। আৰক্ষীয়ে দেওবাৰে পুৱাৰ ভাগত মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰীলৈ প্ৰেৰণ কৰিছে। একাংশই ধাৰণা কৰা মতে, দুয়োৰে মাজত বিয়া নহ'ব বুলি এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

ইতিমধ্যে দক্ষিণ শালমাৰা আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। আৰক্ষীৰ তদন্তৰ পাছত ঘটনাৰ প্ৰকৃত সত্য পোহৰলৈ আহিব বুলি ধাৰণা কৰা হৈছে। বিষয়টো লৈ দক্ষিণ শালমাৰা আৰক্ষীয়ে এতিয়ালৈ কোনো মতামত প্ৰকাশ কৰা নাই। ইফালে এই ঘটনাক লৈ সমগ্ৰ অঞ্চলজুৰি গভীৰ শোকৰ ছা পৰিছে।

আৰু পঢ়ক: বছৰৰ পহিলা দিনটোতেই মুখ্যমন্ত্ৰীৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য

assam suicide Assam police