/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/7d0a5150-1098-4636-b146-8c1ed21cf721/drugs.jpg)
- মানকাচৰত ড্ৰাগছ ব্যৱসায়ত নামিল নাবালক। 
- মানকাচৰৰ ফেকামাৰীত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। 
- বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট আৰু কফ চিৰাফসহ আটক দুই সৰবৰাহকাৰী। 
- ধৃত সৰবৰাহকাৰী দুজনৰ এজন নাবালক। 
- তেওঁৰ বয়স ১৫ বছৰ। 
- আনজন সৰবৰাহকাৰী ৰূপচান আলী। 
- ১৩৬৮০ টা নিচাযুক্ত টেবলেট আৰু ৯০ বটল কফ চিৰাফ জব্দ কৰা হৈছে। 
- এখন যাত্ৰীবাহী টেম্পোৰে হাটশিঙিমাৰীৰ পৰা মানকাচৰ অভিমুখে গৈ আছিল সৰবৰাহকাৰী দুজন। 
- গোপন সূত্ৰৰ ভিত্তিত জিলা আৰক্ষীৰ অতিৰিক্ত অধীক্ষক ফাৰুক আহমেদৰ নেতৃত্বত খাৰুৱাবান্ধা আৰক্ষীয়ে চলাইছিল অভিযান। 
- আৰক্ষীয়ে বৰ্তমান সৰবৰাহকাৰী দুজনক জেৰা চলাই আছে। 
- নাবালক ব্যৱহাৰ কৰি ড্ৰাগছ সৰবৰাহ কৰাৰ বিৰুদ্ধে আৰক্ষীয়ে তীব্ৰ অভিযান চলাব বুলি জনা গৈছে। 
- নাবালক ড্ৰাগছ সৰবৰাহকাৰীৰ পিতৃ কুখ্যাত ড্ৰাগছ মাফিয়া। 
- দীর্ঘ দিনে আৰক্ষীক ফাঁকি দি পশ্চিম বংগত পলাতক অৱস্থাত আছে তেওঁ। 
- নাবালক পুত্ৰক ব্যৱহাৰ কৰি কোচবিহাৰৰ পৰা ধুবুৰী হৈ মানকাচৰলৈ আনি আছিল ড্ৰাগছখিনি। 
- জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক ফাৰুক আহমেদে এই তথ্য সাংবাদিকক সদৰি কৰিছে। 
Also Read: শিৱসাগৰত প্ৰধান শিক্ষয়িত্ৰীয়ে নিজ মইমতালিৰে কাটিলে বিদ্যালয় চৌহদৰ মূল্যৱান গছ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us