CBSE পৰীক্ষাৰ প্ৰথম দিনাই মেধাৱী ছাত্ৰই ল'লে চৰম পন্থা...

CBSE পৰীক্ষাৰ প্ৰথম দিনাই মেধাৱী ছাত্ৰই ল'লে চৰম পন্থা...

ডিজিটেল ডেস্কঃ উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা চলি থকাৰ  মাজতে গুৱাহাটীত অঘটন।  CBSEৰ পৰীক্ষাৰ প্ৰথম দিনাই চৰম সিদ্ধান্ত ল'লে মহানগৰীৰ এজন ছাত্ৰই ।

বৃহস্পতিবাৰে বেলতলা চন্দন নগৰৰ ফ্লেটত উদ্ধাৰ হয় DPSৰ ছাত্ৰৰ মৃতদেহ । ওলমি থকা অৱস্থাত উদ্ধাৰ হয় ময়ূৰ গোস্বামী নামৰ ছাত্ৰজনৰ মৃতদেহ ।

ময়ূৰ গোস্বামী আছিল অতি মেধাবী ছাত্ৰ। দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা AISSEত দেশৰ ভিতৰতে পঞ্চম স্থান পাইছিল ময়ুৰে । বৃহস্পতিবাৰে উৰ্বশী এনক্লেভৰ ফ্লেট নম্বৰ ১০২ত উদ্ধাৰ ছাত্ৰজনৰ মৃতদেহ ৷

এজন কেয়াৰ টেকাৰৰ সৈতে ফ্লেটত অকলে বাস কৰিছিল ময়ুৰে ৷ পুৱা শুই উঠি ৰুমৰ দৰ্জা বন্ধ অৱস্থাত দেখা পাইছিল কেয়াৰ টেকাৰে ৷ পিছত এনক্লেভটোৰ নিৰাপত্তাৰক্ষীয়ে দুৱাৰ ভাঙি দেখা পাই ওলমি থকা ৷

ঘটনাস্থলীত দিছ্পুৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো GMCHৰ মৰ্গলৈ লৈ যায় । আৰক্ষীয়ে ৰূমটোৰ পৰা উদ্ধাৰ কৰে এখন চুইচাইড নোট ৷ ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।

CBSE পৰীক্ষাৰ প্ৰথম দিনাই মেধাৱী ছাত্ৰই ল'লে চৰম পন্থা...
'ষ্টৰীটেল'ৰ ষ্টৰী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in