তিনি বছৰৰ পূৰ্বে হৈছিল অপহৰণ! অৰুণাচলৰ পৰা কিশোৰক উদ্ধাৰ আৰক্ষীৰ

তিনি বছৰৰ পূৰ্বে হৈছিল অপহৰণ! অৰুণাচলৰ পৰা কিশোৰক উদ্ধাৰ আৰক্ষীৰ

author-image
Asomiya Pratidin
New Update
তিনি বছৰৰ পূৰ্বে হৈছিল অপহৰণ! অৰুণাচলৰ পৰা কিশোৰক উদ্ধাৰ আৰক্ষীৰ

ডিজিটেল সংবাদ, জামুহগুৰিহাটঃ ৰাজ্যত মানৱ সৰবৰাহকাৰীৰ কবলত পৰি বহিঃৰাজ্যত বিক্ৰী হোৱা এটি কিশোৰক তিনিবছৰৰ মূৰত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে শোণিতপুৰ জিলাৰ জামুগুৰি আৰক্ষীয়ে ৷ তিনিবছৰ পূৰ্বে জামুগুৰিহাটৰ গটাইমাৰীৰ সেই সময়ৰ ১৩ বছৰীয়া কিশোৰটিক ফুচুলাই নি চাৰিবাৰকৈ বিক্ৰী কৰিছিল চক্ৰটোয়ে৷

Advertisment

অভিযোগ অনুসৰি গটাইমাৰী অঞ্চলৰে ওমৰ আলি নামৰ লোকজনে শিশুটিত ফুচুলাই নি প্ৰথমে লক্ষীমপুৰত তাৰপিছত হাৰমতি আৰু অৰুণাচলত বিক্ৰী কৰিছিল। পিছত অৰুণাচলৰ দাপৰিজ আৰক্ষী চকীৰ অন্তৰ্গত দাপ অঞ্চলত দেওবাৰে উদ্ধাৰ কৰিবলৈ সক্ষম হয় জামুগুৰি আৰক্ষী ৷

এঘৰ লোকৰ ঘৰত বন্দীত্বৰ জীৱন অতিবাহিত কৰি বনকৰা ল’ৰা হিচাপে থাকিব লগা হোৱা এই কিশোৰটিয়ে বাচন বৰ্তন ধুই থকা অৱস্থাতে গৈ উদ্ধাৰ কৰে জামুগুৰি আৰক্ষীয়ে৷ প্ৰচণ্ড শাৰীৰিক নিৰ্যাতনৰ সন্মুখীন হোৱা কিশোৰটিক বাচন বৰ্তন ধোৱা কামৰ লগতে গেৰেজত গাড়ী ধোৱা আদি কামতো ব্যস্ত কৰাইছিল মালিকে৷

আনকি মালিকে শাৰীৰিক নিৰ্যাতন চলোৱাৰ কথাও সদৰি কৰিছে কিশোৰটিয়ে৷ কিশোৰটিয়ে কৰা অভিযোহ অনুসৰি ঘৰৰ মালিকে চোকা অস্ত্ৰৰে শৰীৰৰ বিভিন্ন অংশত আঘাত কৰিছে।

ইতিমধ্যে ঘটনাৰ লগত জড়িত মানৱ সৰবৰাহকাৰী ওমৰ আলিক জামুগুৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰাৰ লগতে লক্ষীমপুৰৰ আন এটা সৰবৰাহকাৰীকো জেল হাজোতলৈ প্ৰেৰণ কৰিছিল৷ কিন্তু বছৰ বছৰ ধৰি উদ্ধাৰ কৰিব পৰা নাছিল কিশোৰটিক৷

আজি প্ৰায় তিনিবছৰৰো অধিক কালৰ মূৰত সন্ধানহীন হৈ থকা কিশোৰটিক জামুগুৰি আৰক্ষীৰ উপ পৰিদৰ্শক অমৃত গগৈৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে এইদৰে উদ্ধাৰ কৰি অনাত পৰিয়ালটিয়ে আৰক্ষীক ধন্যবাদ আৰু কৃতজ্ঞতাও জ্ঞাপন কৰিছে৷

Also Read: অৰ্কিড উদ্যানত আহাৰ খায় পীযুষ হাজৰিকাই ক'লে অখিল গগৈৰ সৈতে সম্পৰ্ক বেয়া নহয়...

Assam police